ডিজিটেল সংবাদ, কোকৰাঝাৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজৱ কাণ্ড। এতিয়াৰে পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অসমীয়া ভাষাত লিখিব নোৱাৰিব বুলি জাননী প্ৰকাশ পোৱাৰ পাছতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
স্নাতক পাঠ্যক্ৰমৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰ কৰাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বড়ো সাহিত্য সভা আৰু আছুৱে। কি কাৰণে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া জানিব লাগিব আৰু এখন বিশ্ববিদ্যালয়ত অফিচিয়েল-আনঅফিচিয়েল কথা থাকিব নোৱাৰে বুলি মত প্ৰকাশ কৰিছে বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে। তেওঁ লগতে কয় যে, এই সিদ্ধান্ত কিয় লোৱা হ'ল এই কথা এতিয়াই স্পষ্ট নকৰিলে পিছলৈ সমস্যাৰ সৃষ্টি হ'ব।
আনহাতে এই সন্দৰ্ভত আছুৱেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ১৯৭২ চনৰ ভাষা আন্দোলনৰ পৰিপ্ৰেক্ষিতত স্নাতক পৰ্যায়ত অসমীয়া লিখাৰ সুযোগ পাইছিল বুলি মত প্ৰকাশ কৰে আছুৱে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্তক হঠকাৰী আৰু অবিবেচক বুলি দাবী কৰি ইয়াৰ পূৰ্বেও বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া বিভাগৰ থেছিছ ইংৰাজী ভাষাত লিখাৰ নিৰ্দেশ দিছিল বুলি মত প্ৰকাশ কৰে। তদুপৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী, এয়া ভাষা বিদ্বেষী প্ৰতিক্ৰিয়াশীল চক্ৰৰ বৃহৎ চক্ৰান্ত বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে আছুৱে।
Also Read: জখলাবন্ধাত চি বি আইৰ দল: এইবাৰ ক্রেন চালকক সোধ–পোছ...