মুছলপুৰত অঘটনঃ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ঢলি পৰিল ২২ গৰাকী শিক্ষাৰ্থী...

মুছলপুৰত অঘটনঃ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ঢলি পৰিল ২২ গৰাকী শিক্ষাৰ্থী...
মুছলপুৰত অঘটনঃ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ঢলি পৰিল ২২ গৰাকী শিক্ষাৰ্থী...
Published on
Updated on

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ মাজতে মুছলপুৰত অঘটন। ঢলি পৰিল স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা ২২ গৰাকীকৈ শিক্ষাৰ্থী।

উল্লেখ্য যে, বাক্সা জিলাত কেন্দ্ৰীয় ভাৱে ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে মুছলপুৰত। এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষীৰ উপৰিও বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।

পেৰেডত অংশগ্ৰহণ কৰা এনে শিক্ষাৰ্থীসকলৰ মাজৰে প্ৰায় ২২ গৰাকী পেৰেডৰ অন্তত ঢলি পৰে। ইয়াৰ পাছতে ততাতৈয়াকৈ শিক্ষাৰ্থীসকলক মুছলপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়খনৰ চিকিৎসকে জনোৱা অনুসৰি অত্যাধিক গৰমৰ বাবেই এইদৰে অসুস্থ হৈ শিক্ষাৰ্থীসকল ঢলি পৰিছে।

মুছলপুৰত অঘটনঃ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ঢলি পৰিল ২২ গৰাকী শিক্ষাৰ্থী...
মৃণাল শইকীয়াৰ উদ্যোগত খুমটাইত স্বাধীনতা দিৱসঃ মাৰাথন দৌৰ প্ৰতিযোগিতা সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in