চিৰাঙত UPPL ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ উপস্থিত নাথাকিল BJP ৰ এজনো নেতা...

প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত উপস্থিত অগপৰ সভাপতি অতুল বৰা
চিৰাঙত UPPL ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ উপস্থিত নাথাকিল BJP ৰ এজনো নেতা...
চিৰাঙত UPPL ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ উপস্থিত নাথাকিল BJP ৰ এজনো নেতা...
Published on
Updated on

ডিজিটেল সংবাদ চিৰাংঃ আজি বিটিচিৰ শাসকীয় ৰাজনৈতিক দল ইউনাইটেড পিপলচ্ পাৰ্টি লিবাৰেল চমুকৈ ইউপিপিএলৰ নৱম সংখ্যক প্রতিষ্ঠা দিৱস। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত বেংতলত আজি দিনজোৰা কাৰ্যসূচীৰে ইউপিপিএল দলৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

ৰাতিপুৱা দলীয় পতাকা উত্তোলন কৰে দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। স্মৃতি তৰ্পণ অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পন কৰে দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই। তাৰ পিছত অনুষ্ঠানস্থলীত গছপুলি ৰোপণ কাৰ্য্যসূচী ৰূপায়ন কৰে দলৰ উপ-সভাপতি তথা বিটিচিৰ উপমুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰীসহ ইউপিপিএল দলৰ বিধায়ক,কাৰ্য্যবাহী সদস্য, পাৰিষদসকলে ।

দুপৰীয়া মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, আমন্ত্ৰিত অতিথি হিচাপে ৰাভা হাছং যৌথ মঞ্চৰ সম্পাদক তথা ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ উপমুখ্য কাৰ্য্যবাহী সদস্য ৰমাকান্ত ৰাভাসহ অন্যান্য অতিথিসকল। লক্ষ্যনীয় ভাবে ইউপিপিএল দলৰ আজিৰ এই নৱম সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত ৰাজ্যৰ মিত্ৰজোট চৰকাৰ মূখ্য ৰাজনৈতিক দল বিজেপিৰ কোনো এজন নেতা উপস্থিত থকা পৰিলক্ষিত হোৱা নাই ।

যি বিষয়টো আজিৰ প্ৰতিষ্ঠা দিৱসত বিশেষভাবে চৰ্চিত হৈছে । উল্লেখ্য যে ২০১৫ চনত আজিৰ এই দিনটোতে কোকৰাঝাৰ জিলাৰ দতমাৰ থুলুংগাপুৰীত তদানীন্তন পিপলচ্ কো-অৰ্ডিনেচন কমিটী ফৰ ডেমোক্ৰেটিক ৰাইটচ্ চমুকৈ PCDR দলৰ বিলুপ্তি ঘটাই বড়ো জাতীয় সংগ্ৰামৰ অন্যতম নেতা বৰ্তমানৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ নেতৃত্বত ইউনাইটেড পিপলচ্ পাৰ্টি লিবাৰেল চমুকৈ ইউপিপিএল গঠন কৰা হৈছিল ।

পৰবৰ্তী সময়ত ২০২০ চনত বিটিআৰ শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ইউপিপিএল দলে বিটিচি পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈ হাগ্ৰামা মহিলাৰীৰ ১৫ বছৰীয়া বিটিচি শাসনৰ অৱসান ঘটাই বিজেপি দলৰ সহযোগত বিটিচিৰ শাসনভাৰ লাভ কৰিছিল। বৰ্তমান বিটিচিৰ শাসনত থকা এই দলটোৱে ২০২৫ চনত বিজেপিৰ সৈতে মিত্ৰতা বজাই ৰাখি পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হ'বনে নাই সেই সন্দৰ্ভত চৰ্চা তীব্ৰতৰ হৈছে।

এনে সময়তে দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি দলে অকলে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছতেই ইউপিপিএল দলৰ আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত দলটোৰ এজনো নেতা উপস্থিত নথকা বিষয়টোৱে যথেষ্ট তাৎপৰ্য্য হিচাপে বিবেচিত হৈছে।

ইয়াৰোপৰি সন্মুখত আছে ৫ টাকৈ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন। এই ৫ টা সমষ্টিৰ ভিতৰত অন্যতম ছিদলী বিধানসভা সমষ্টিও। তাৰোপৰি উপ-নিৰ্বাচনৰ পিছতে আছে পৰিষদীয়া নিৰ্বাচন। সেয়ে আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীয়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু ৰাজ্যত আঞ্চলিকবাদী ৰাজনীতিৰ প্ৰসংগয়েও বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে ।

আজি ইউপিপিএল দলৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীত মিত্ৰজোটৰ অন্যতম অংশীদাৰ তথা ৰাষ্ট্ৰীয় দল বিজেপিৰ কোনো নেতাকৰ্মী অংশগ্ৰহণ নকৰিলে যদিও অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, ৰাভা হাছং যৌথ মঞ্চৰ নেতা ৰমাকান্ত ৰাভা সহ অন্যান্য নেতৃবৰ্গসকল উপস্থিত থাকিল ।

চিৰাঙত UPPL ৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস পালনঃ উপস্থিত নাথাকিল BJP ৰ এজনো নেতা...
কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in