ডিজিটেল সংবাদ তামুলপুৰঃ নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত ধৰিত্ৰীৰ ভূ-স্বৰ্গ স্বৰূপ কাশ্মীৰৰ এটি যুৱক-যুৱতীৰ দলে অসম ভ্ৰমণৰ বাবে আহি দেওবাৰে তামুলপুৰ জিলা ভ্ৰমণ কৰে। প্ৰথমে দলটোৱে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চামদ্ৰূপ ঝংখাৰ জিলা ভ্ৰমণ কৰাৰ পাছত সন্ধিয়া তামুলপুৰ জিলা সদৰস্থ মটঙাপাৰ ৰাজহুৱা উদ্যানত উপস্থিত হয়হি ৷
অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত কাশ্মীৰৰ যুৱক-যুৱতীৰ দলটিক আদৰিবলৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা মঞ্চত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰি বড়ো লোকনৃত্য, বিহু নৃত্যৰ পৰিবেশন কৰা হয়। তেওঁলোকক তামুলপুৰত জনগোষ্ঠীয় গামোচাৰে আদৰা হয় ৷
বিধায়ক জলেন দৈমাৰী বি টি আৰৰ কাৰ্যবাহী সদস্য ড° ধৰ্মনাৰায়ণ দাসে বি টি আৰ সন্দৰ্ভত ইয়াৰ ইতিহাস বিবৰী কোৱাৰ লগতে বি টি আৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ড° ধৰ্মনাৰায়ণ দাসে পৰ্যটনৰ ওপৰত সুন্দৰ আলোকপাত কৰে ৷ কাশ্মীৰি যুৱক-যুৱতীৰ দলৰ নায়কেও কাশ্মীৰ সন্দৰ্ভত সুন্দৰ বক্তব্য ৰখাৰ লগতে অসমৰ প্ৰাকৃতিক সম্পদ জলসম্পদৰ ৰেচম শিল্প দেখি অভিভূত হৈ পৰে।
অসম আৰু কাশ্মীৰৰ মাজত এক সাদৃশ্য থকাৰ কথা কয় ৷ তেওলোকে স্থানীয় লোকৰ সৈতে মতবিনিময় কৰে। ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ ক্ষেত্ৰীয় কাৰ্য়লয় গুৱাহাটীৰ সঞ্চালক বি বি মুখাৰ্জীৰ নেতৃত্বত ভ্ৰমণ কৰা দলটোৱে দেওবাৰে দিনৰ ভাগত আমবাৰী সৰুভেৰা গাঁৱত পৰিদৰ্শন কৰি মোহিত হৈ পৰে।
বিশেষকৈ ৰেচম শিল্প কাৰুকাৰ্য দেখি উৎসাহিত হয়। কাশ্মীৰী দলৰ পৰিচালক ক্ৰমে ৰাহি ৰিয়াজ আৰু মুজাফৰ ভুটানে অসম আৰু কাশ্মীৰৰ বহু মিল আছে বুলি কয় ৷ দলটিয়ে অসমৰ মানুহৰ মৰম ভালপোৱা আৰু এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই নিব বুলি কয়।
কাশ্মীৰী যুৱ বিনিময় দলটোত ছাত্ৰ-ছাত্ৰীৰ লগতে আন আন ক্ষেত্ৰৰ ১৩২ গৰাকী যুৱক-যুৱতীয়ে অসম ভ্ৰমণ কৰি এক সুন্দৰ বাৰ্তা লৈ নিশা লগে ভাগে প্ৰীতিভোজন কৰি গুৱাহাটিলৈ ওভতে ৷ এই অনুষ্ঠানত জিলা প্ৰশাসনৰ বিষয়া সকলো উপস্থিত আছিল ৷
Also Read: দেৰগাওঁ পথত পুনৰ দুৰ্ঘটনাঃ বাদুলিপাৰত বাগৰিল ট্ৰাক...