দুধনৈ কাণ্ডক লৈ ওদালগুৰি, কাজলগাঁৱত এবছুৰ প্ৰতিবাদঃ দোষীক নজিৰবিহীন শাস্তিৰ দাবী

ধৰ্ষণৰ বলি হোৱা কোশোৰী জনজাতীয় হোৱাৰ বাবেই চৰকাৰে গুৰুত্বহীন কৰাৰ অভিযোগ
দুধনৈ কাণ্ডক লৈ ওদালগুৰি, কাজলগাঁৱত এবছুৰ প্ৰতিবাদঃ দোষীক নজিৰবিহীন শাস্তিৰ দাবী
দুধনৈ কাণ্ডক লৈ ওদালগুৰি, কাজলগাঁৱত এবছুৰ প্ৰতিবাদঃ দোষীক নজিৰবিহীন শাস্তিৰ দাবী
Published on
Updated on

ডিজিটেল সংবাদ চিৰাং, ওদালগুৰিঃ ৰাজ্যৰ কেইবাটাও প্ৰান্তত আজি গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত হোৱা দুই কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ড আৰু এই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱা এজন যুৱকক হত্যা কৰা ঘটনা সন্দৰ্ভত কাজলগাওঁ আৰু ওদালগুৰিতো নিখিল বড়ো ছাত্ৰ সন্থাই বিভিন্ন দল, সংগঠনৰ সহযোগত প্ৰতিবাদী জোৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

চিৰাঙৰ কাজলগাঁৱত দুধনৈত দুই জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণ আৰু উক্ত ধৰ্ষণ কাৰ্য্যৰ প্ৰতিবাদ কৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণত হিৰণ্ময় খাক্লাৰী নামৰ এজন যুৱক নিহত হোৱা ঘটনাৰ এমাহ অতিক্ৰম কৰাৰ পিছতো অসম চৰকাৰে বিশেষ ব্যবস্থা নকৰাৰ প্ৰতিবাদত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে জোৰ সমদল বাহিৰ কৰে।কাজলগাঁওস্থিত জিলা এবছুৰ কাৰ্য্যালয়ৰ সন্মুখত জোঁৰ সমদলৰ প্ৰস্তুতি লোৱাৰ সময়তে আৰক্ষীৰ লোকে বাধা প্ৰদান কৰে।

আৰক্ষীৰ লোকসকলে এবছু কৰ্মীৰ হাতৰ পৰা জোঁৰসমূহ বলপূৰ্বক কাঢ়ি নিয়ে। পিছত জোঁৰ অবিহনেই এবছুৰ লগতে অন্যান্য সহযোগী দল সংগঠনৰ লোকসকলে প্ৰতিবাদী সমদল উলিয়াই কাজলগাঁও এলেকা পৰিভ্ৰমণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে এই ঘটনাৰে জড়িত অভিযুক্তক আৰক্ষীয়ে সময় মতে গ্ৰেপ্তাৰ কৰাত সন্তুষ্টি প্ৰকাশ কৰিও অভিযুক্ত সকলৰ বিচাৰ পক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰি ফাঁচী দিয়াৰ দাবীও উত্থাপন কৰে। লগতে দুৰ্বৃত্তৰ আক্ৰমণত নিহত হিৰণ্ময় খাক্লাৰীৰ পৰিয়ালক আৰু ধৰ্ষিতাৰ পৰিয়ালক এককালীন আৰ্থিক সাহাৰ্যৰো দাবী জনায়।

দুধনৈ কাণ্ডক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা তথা মন্ত্ৰী বিধায়কসকলৰ যেনে ধৰণৰ ভূমিকা থাকিব লাগিছিল কিন্তু দুধনৈৰ ঘটনক তেনে ভূমিকা গ্ৰহণ নকৰাত তীব্ৰ সসমালোচনা কৰে এবছুৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰীয়ে। এবছুৰ এই প্ৰতিবাদী সমদলত বড়ো সমাজ, বাথৌ ধৰ্মীয় মহাসভা, বড়ো প্ৰাথমিক শিক্ষক সন্মিলনী, বড়ো সাহিত্য সভাৰ লগতে বিভিন্ন বড়ো জাতীয় দল সংগঠনৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে।

ইফালে দুধনৈ কাণ্ডক চৰকাৰে গুৰুত্বসহকাৰে নোলোৱাৰ বিৰুদ্ধে আৰু সমগ্ৰ ঘটনাৰ সৈতে জড়িত প্ৰতিগৰাকী দোষীক নজিৰ বিহীন শাস্তি প্ৰদানৰ দাবীত ওদালগুৰি জিলা এবছুৰ উদ্যোগতো সন্ধিয়া ওদালগুৰি চহৰত এক জোঁৰ লৈ সমদল বাহিৰ কৰা হয়। জিলা এবছুৰ কাৰ্যালয়ৰ পৰা উলিওৱা সমদলকাৰীয়ে অভিযুক্ত মূল নায়ক ধন আলী তালুকদাৰৰ লগতে আন অভিযুক্তসকলৰ বিৰুদ্ধে নজিৰ বিহীন শাস্তি প্ৰদানৰ শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদত অংশ গ্ৰহণ কৰি জিলা এবছুৰ সভাপতি কৰ্নেলিয়াচ দৈমাৰীয়ে ঘটনাক লৈ চৰকাৰৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। ঢকুৱাখানাৰ সুনীল গগৈ ঘটনাক লৈ চৰকাৰী পক্ষই যি তৎপৰতা দেখুৱালে ধুপধৰাৰ ঘটনাৰ ক্ষেত্ৰত কিয় চৰকাৰে যথোচিত গুৰুত্ব দিয়া নাই বুলি প্ৰশ্ন কৰে।

জনজাতি হোৱা বাৱেই চৰকাৰে গুৰুত্ব নিদিয়া বুলিও এবছু নেতাগৰাকীয়ে অভিযোগ কৰে। আনহাতে মাজবাটৰ ঘটনাক গৰিহনা দি দোষীক কঠোৰ শাস্তিৰ দাবী জনায়। দুধনৈৰ ঘটনাৰ ক্ষেত্ৰত চৰকাৰ অধিক কঠোৰ হোৱা হলে আজি মাজবাটৰ ঘটনাটো সংঘটিত নহলহেতেন বুলিও এবছু নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ ওচৰত মন্তব্য কৰে।

দুধনৈ কাণ্ডক লৈ ওদালগুৰি, কাজলগাঁৱত এবছুৰ প্ৰতিবাদঃ দোষীক নজিৰবিহীন শাস্তিৰ দাবী
বোকাখাতত গোপনে চলিছে পাম খেতিৰ প্ৰশিক্ষণঃ জীপাল কৃষক সংঘই আনিলে পোহৰলৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in