সেৰফাংগুৰীত দুৰ্ঘটনা : পথচাৰীক বচাবলৈ গৈ মাজপথত বাগৰিল গেছ পৰিবাহী টেংকাৰ...

সেৰফাংগুৰীত দুৰ্ঘটনা : পথচাৰীক বচাবলৈ গৈ মাজপথত বাগৰিল গেছ পৰিবাহী টেংকাৰ...
Published on
Updated on

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰৰ সেৰফাংগুৰীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে পুৱা প্ৰায় ৯-৩০ বজাত সেৰফাংগুৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰামফলবিলত এখন গেছ পৰিবাহী টেংকাৰ দুৰ্ঘটনাত পতিত হয়।

জানিব পৰা মতে এজন পথচাৰীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত বাগৰি পৰে গেছ পৰিবাহী টেংকাৰখন। ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় দুৰ্ঘটনাতপতিত টেংকাৰখন। ইয়াৰ লগে লগে সমগ্ৰ পথছোৱা জুইৰ লেলিহান শিখাই আগুৰি ধৰে।

অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত কিছুসময়ৰ পাছতে এছ ডি আৰ এফ আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অৱশ্যে জুইৰ লেলিহান শিখাই আৱৰি ধৰাৰ বাবে যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মে।

সেৰফাংগুৰীত দুৰ্ঘটনা : পথচাৰীক বচাবলৈ গৈ মাজপথত বাগৰিল গেছ পৰিবাহী টেংকাৰ...
মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনিয়মৰ অভিযোগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in