ডিজিটেল সংবাদ,বাক্সা : যি সময়ত বিটিআৰত বড়ো আঞ্চলিক দল একেলগ হোৱাৰ পণ লৈছে অথবা বিপিএফ-ইউপিপিএল মিত্ৰতাৰ দিশে আগবঢ়াৰ ইংগিত প্ৰদান কৰিছে, তেনে সময়তে সকলো বিভাজিত অবড়ো সংগঠন একেলগ হোৱাৰ পণ ল'বলৈ সাজু হৈছে ।
শুকুৰবাৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী থমনাত এক সংবাদমেলৰ আয়োজন কৰা হয়। এই সংবাদমেল সম্বোধন কৰি গণ সুৰক্ষা পাৰ্টি দিহিৰা ব্লক সমিতিৰ সম্পাদক যাদৱ দাসে কয় যে, আগন্তুক ৯ ছেপ্তেম্বৰত বাক্সা জিলাৰ থমনাত চাৰিটাকৈ পৰিষদীয় সমষ্টিৰ বহু সংখ্যক নেতা কৰ্মী তথা সাধাৰণ ৰাইজৰ অংশগ্ৰহণেৰে এখন বিশাল জণজাগৰণ সভা অনুষ্ঠিত কৰা হ'ব ।
লগতে বিটিআৰত বসবাস কৰা সমূহ অনাবড়ো জনসাধাৰণৰ ৰাজনৈতিক ভবিষ্যত সন্দৰ্ভত এক যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । সেয়েহে উক্ত সভাত বিটিআৰৰ সকলো অনাবড়ো ৰাইজৰ উপস্থিতি কামনা কৰিছে গণ সুৰক্ষা পাৰ্টিয়ে ।
উক্ত সভাতে বিটিচিৰ দক্ষ অবড়ো নেতা যোগেশ্বৰ কলিতা, জোন দাস, ললিত হেমৰম, মাধৱ ৰাজবংশীকে ধৰি সকলো বিভাজিত অবড়ো সংগঠনৰ নেতৃত্বকে একেখন মঞ্চতে একলগ হোৱাৰ পণ লোৱাৰ বাবে আমন্ত্ৰণ জনোৱা বুলিও কয় যাদৱ দাসে ।
Also Read: ধুবুৰীত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ বিষয়ববীয়াৰে সাংসদ ৰকিবুলৰ গুৰুত্বপূৰ্ণ বৈঠক