BTR ৰ কোচৰাজবংশীৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ ৮ দফীয়া স্মাৰক পত্ৰ...

প্ৰমোদ বড়োৰ প্ৰতি আস্থা হেৰুৱাই বিটিআৰৰ কোচ ৰাজবংশীয় লোকে
BTR ৰ কোচৰাজবংশীৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ ৮ দফীয়া স্মাৰক পত্ৰ...
BTR ৰ কোচৰাজবংশীৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ ৮ দফীয়া স্মাৰক পত্ৰ...
Published on
Updated on

ডিজিটেল সংবাদ চিৰাং: ৰাইজক মিছা প্ৰতিশ্ৰুতিৰে বিটিচিৰ গাদী দখল কৰা প্ৰমোদ বড়োৰ ওপৰত বিশ্বাস হেৰুৱাইছে কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলে। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰমোদ বড়োয়ে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জলন্ত সমস্যা দূৰ কৰাৰ কাৰণে কেইবাটাও প্ৰতিশ্ৰুতি দিছিল কিন্তু কাৰ্যক্ষেত্ৰত আজিলৈকে এটা প্ৰতিশ্ৰুতিও পূৰণ নকৰাত ক্ষোভিত হৈ পৰিছে সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থা।

যাৰ বাবে আজি প্ৰমোদ বড়োৰ নেতৃত্বতাধীন বিটিআৰ প্ৰশাসনৰ প্ৰতি আস্থা হেৰুৱাই বিটিআৰ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মণিৰাম ৰায়ৰ নেতৃত্বত এটা সজাঁতি দলে চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা আয়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ আঠদফীয়া দাবী সম্পন্ন এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বিটিআৰ আক্ৰাছুৰ ফালৰ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত অসমৰ অন্যতম ভূমিপুত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকসকলক অতিশীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, অসমৰ অন্যান্য অঞ্চলৰ তুলনাত বিটিআৰ এলেকাত বসবাস কৰা কোঁচ-ৰাজবংশীসকলৰ অৱস্থা অতি শোচনীয়, সেয়ে এই জনগোষ্ঠীটোক আৰ্থিক, সামাজিক, শৈক্ষিক দিশ আদি কৰি সাৰ্বিক উন্নয়নৰ হকে কাম কৰাৰ ব্যবস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰা হৈছে।

ইয়াৰোপৰি বিটিআৰ অঞ্চলত বসবাস কৰা কোচ-ৰাজবংশীসকলৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সুৰক্ষিত কৰা, বিটিআৰ অঞ্চলৰ কোচ-ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ উন্নয়নৰ হকে এখন উন্নয়ন ব'ৰ্ড গঠন কৰা, ভূমিপুত্ৰ কোঁচ-ৰাজবংশী লোকসকলৰ নামত বিদেশী ন্যায়াধীকৰণত ৰুজু কৰা গোচৰসমূহ প্ৰত্যাহাৰ কৰা, বৰ্তমান কোকৰাঝাৰ আৰু চিৰাং কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকেসকলে যেনেকৈ মাটি কিনাবেচা কৰিব পাৰে ঠিক তেনেকৈ ওদালগুৰি আৰু বাক্সা জিলাতো প্ৰবৰ্তন কৰাৰ দাবী কৰা হৈছে।

ইফালে অসম চৰকাৰৰ "The Assam Gazette Notification No. Oct 19, 2020, Assam Act No XXV of 2020 মতে বৰ্তমান অসমৰ কিছু অঞ্চল সামৰি কমতাপুৰ শায়ত্ব শাসিত পৰিষদ গঠন কৰা হৈছে। ইয়াৰ ফলত কোচৰাজবংশী সম্প্ৰদায়ৰ অলপ সংখ্যক ৰাইজেহে উপকৃত হৈছে। কিন্তু কোচৰাজবংশী জনগোষ্ঠীৰ বৃহৎ সংখ্যক ৰাইজ উপকৃত হোৱাকৈ উক্ত শায়ত্ব শাসিত পৰিষদখনক উপগ্ৰহীয় ব্যৱস্থাৰ ভিতৰলৈ অনাৰ ব্যৱস্থা কৰা আৰু মূলসুঁতিলৈ উভতি অহা কেএলঅ'ক অতিশীঘ্ৰেই শান্তি আলোচনালৈ আমন্ত্ৰণ জনোৱাৰো দাবী কৰা হৈছে।

আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত বিটিআৰ আক্ৰাছুৰ সভাপতি মণিৰাম ৰায়ে সদৰি কৰে যে, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰত বসবাস কৰা কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই। সেয়ে আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জলন্ত সমস্যাসমূহ সমাধান কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক এই স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ বাধ্য হৈছো ।

তেওঁ কয়, কাৰণ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ এই কাৰ্য্যকালত কোনো এক আঁচনি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে লাভ কৰিবলৈ সক্ষম হোৱা নাই। কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজৰ স্বাৰ্থক আঁতৰাই ৰাখি ৰাজনীতি নকৰিবলৈ প্ৰমোদ বড়োক আহ্বান জনায়। অন্যথা আগন্তুক সময়ত বিটিআৰ প্ৰশাসনৰ বিৰুদ্ধে বিটিআৰ আক্ৰাছুৰ ফালৰ পৰা প্ৰতিবাদী আন্দোলন কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকিয়াই দিয়ে ।

BTR ৰ কোচৰাজবংশীৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীলৈ ৮ দফীয়া স্মাৰক পত্ৰ...
নগাঁৱৰ দক্ষিণপাট বৰজহাত ধুমুহাৰ তাণ্ডৱ: গছ বাগৰি যাতায়ত ব্যাহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in