বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ...

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সন্দৰ্ভত উপাচাৰ্য আৰু পঞ্জীয়কেৰে আলোচনাত অংশগ্ৰহণ কৰাৰ অন্তত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপাচাৰ্যৰ হাতত গ'ল্ফ কাৰ্ট কিনাৰ বাবে অসম বিধানসভাৰ তৰফৰ পৰা ৭ লাখ ৭০ হাজাৰ টকাৰ চেক প্ৰদান কৰে।

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

ডিজিটেল সংবাদ কোকৰাঝাৰঃ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লয় । বিশ্ববিদ্যালয়খনৰ বিভিন্ন সমস্যা সন্দৰ্ভত উপাচাৰ্য আৰু পঞ্জীয়কেৰে আলোচনাত অংশগ্ৰহণ কৰাৰ অন্তত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপাচাৰ্যৰ হাতত গ'ল্ফ কাৰ্ট কিনাৰ বাবে অসম বিধানসভাৰ তৰফৰ পৰা ৭ লাখ ৭০ হাজাৰ টকাৰ চেক প্ৰদান কৰে।

সংবাদমাধ্যমৰ আগত বিশ্বজিৎ দৈমাৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ে ১৭ বিভাগৰ শৈক্ষিক আৰু অনাশৈক্ষিক পদ পুৰণৰ বাবে পঠোৱা প্ৰস্তাৱ সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে। আনহাতে আজি বিশ্বজিৎ দৈমাৰীয়ে সাংসদ পুঁজিৰে নিৰ্মাণ হোৱা ছোৱালী হোষ্টেল পৰিদৰ্শন কৰে ।

উল্লেখ্য যে, সাংসদকালিন থকা অৱস্থাত বিশ্বজিৎ দৈমাৰীয়ে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছোৱালী হোষ্টেল নিৰ্মাণৰ বাবে ৫০ লাখ টকাৰ অনুদান দিছিল। সম্পূৰ্ণ হোৱা উক্ত ছোৱালী হোষ্টেল পৰিদৰ্শন কৰি আৰু আৱাসীৰ সতে মন বিনিময় কৰি আপ্লুত হোৱা বুলি সদৰি কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

আনহাতে অসম বিধানসভাৰ পৰবৰ্তী অধিবেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব বুলিও মন্তব্য কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। মন্ত্ৰীসভাৰ ৰদ-বদলত তেওঁৰ নাম চৰ্চা হোৱাটো অকল চৰ্চাহে মাত্ৰ বুলি মন্তব্য কৰি মন্ত্ৰীসভা ৰদ-বদল হ'বই বুলি মন্তব্য কৰিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

ইপিনে সাংবাদিকৰ এক প্ৰশ্নত তেওঁ ৰাজনীতিত হাৰা-জিকা থাকিবই বুলি মন্তব্যৰে ৰাইজে যাক ভোট দিছে তেওঁৱেই জিকিব বুলি মন্তব্য কৰিছে।

 

কোকৰাঝাৰ বিশ্বজিৎ দৈমাৰী বড়োলেণ্ড বিশ্ববিদ্যালয়