১৪ সংখ্যক ৰাষ্ট্ৰীয় ছ’কবল প্ৰতিযোগিতাত ছোৱালী শাখাত চেম্পিয়ন অসম দল

১৪ সংখ্যক ৰাষ্ট্ৰীয় ছ’কবল প্ৰতিযোগিতাত ছোৱালী শাখাত চেম্পিয়ন অসম দল

author-image
Asomiya Pratidin
New Update
১৪ সংখ্যক ৰাষ্ট্ৰীয় ছ’কবল প্ৰতিযোগিতাত ছোৱালী শাখাত চেম্পিয়ন অসম দল

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত যোৱা ৩ ডিচেম্বৰৰ পৰা চলি থকা ১৪ সংখ্যক ল’ৰা আৰু ছোৱালীৰ ৰাষ্ট্ৰীয় ছ’কবল চেম্পিয়নশ্বিপ ২০২৩ প্ৰতিযোগিতাৰ মঙলবাৰে সামৰণি পৰে ৷ প্ৰতিযোগিতাৰ ল'ৰাৰ শাখাত পাঞ্জাৱ দলে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷

কোকৰাঝাৰ চহৰস্থিত চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত মঙলবাৰে অনুষ্ঠিত ল'ৰাৰ ফাইনেল খেলত পাঞ্জাৱ দলে গোৱা দলক ৩৭ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে ৷ পাঞ্জাৱ দলে ৭৬ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে গোৱা দলে ৩৯ পইণ্ট অৰ্জন কৰিবলৈ সক্ষম হয় ৷

আনহাতে ছোৱালীৰ শাখাত অসম দলে ১৪ সংখ্যক ৰাষ্ট্ৰীয় ছ’কবল প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় চিম্পেয়নশ্বীপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ঘৰুৱা দল অসমে ৷ মঙলবাৰে অনুষ্ঠিত ছোৱালীৰ ফাইনেল খেলত অসম দলে পাঞ্জাৱ দলক ২ পইণ্টৰ ব্যৱধানত পৰাজিত কৰে ৷

ছোৱালীৰ অসম দলে ২৯ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে পাঞ্জাৱ দলে ২৭ পইণ্ট লাভ কৰিবলৈ সক্ষম হয় ৷ আনহাতে প্ৰতিযোগিতাৰ লৰাৰ শাখাত মহাৰাষ্ট্ৰ আৰু ছোৱালীৰ শাখাত পশ্চিম বংগই তৃতীয় স্থান লাভ কৰে ৷ ছোৱালীৰ শাখাত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ স্ক’ৰাৰ বঁটা লাভ কৰে অসম দলৰ ভবানী বসুমতাৰীয়ে ৷

ল'ৰাৰ বিজয়ী দল পাঞ্জাৱক চেম্পিয়নশ্বিপ ট্ৰফী প্ৰদান কৰে ভাৰতীয় ছ’কবল ফেডাৰচনৰ সাধাৰণ সম্পাদিকা ৰশ্মি বিজে ৷ ছোৱালীৰ বিজয়ী দল অসমক চেম্পিয়নশ্বীপ ট্ৰফী প্ৰদান কৰে বিটিআৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈচা বড়োই ৷

উল্লেখ্য যে, ১৪ সংখ্যক ল’ৰা আৰু ছোৱালীৰ ৰাষ্ট্ৰীয় ছ’কবল প্ৰতিযোগিতাত অসম, পশ্চিম বংগ, ঝাৰখণ্ড, বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ, ৰাজস্থান, পাঞ্জাৱ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, দিল্লী, ছট্টিচগড়, গোৱাসহ ১৩ খন ৰাজ্যৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল ৷

প্ৰতিযোগিতাৰ মঙলবাৰৰ সামৰণি অনুষ্ঠানত ভাৰতীয় ছ’কবল ফেডাৰচনৰ সাধাৰণ সম্পাদিকা ৰশ্মি বিজ, অসম ছ’কবল সন্থাৰ সভাপতি ড° শংকৰ জ্যোতি বসুমতাৰী , সাধাৰণ সম্পাদক আশোক গয়াৰী, আয়োজক সমিতিৰ সভাপতি বিধায়ক লৰেন্স ইছলাৰী , কাৰ্যবাহী সদস্য দাওবৈচা বড়ো উপস্থিত আছিল ৷

Also Read: মৃত্যু সুলভ! ক'ত হেৰাল জীৱনৰ মাদকতা...

games