ডিজিটেল সংবাদ, মছলপুৰঃ বিটিআৰত এলাগী হ'ল নেকি অসমীয়া ভাষা ! এইটো এটা ডাঙৰ প্ৰশ্ন বিটিআৰৰ জনসাধাৰণৰ। এই ক্ষেত্ৰত বহু ধৰ্ণা, প্ৰতিবাদৰ অন্তত সৌ কিছুদিন পূৰ্বে বিটিচি সচিবালয়ৰ মূল তোৰণখনত অসমীয়া ভাষাটো সন্নিৱিষ্ট কৰিলেয তাৰ পাছতো প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল- বিজেপি- জিএচপি চৰকাৰে সুযোগ বুজি পুনৰ বাক্সা জিলাৰ জালাহত থকা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখতে আকৌ ওলমাই দিলে অসমীয়া ভাষাহীন জল জীৱন আচঁনিৰ এখন বৃহৎ হৰ্দিং ।
তাৰেই পৰিপ্ৰেক্ষিতত আজি বাক্সা জিলাৰ জালাহ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ অসমীয়া ভাষাক অপমান নকৰিবলৈ একপ্ৰকাৰ সকীয়নি প্ৰদান কৰিলে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে । তেওঁ কয় যে, আজি দীৰ্ঘ সময় ধৰি এটা পক্ষই বিটিচি অঞ্চলত অসমীয়া ভাষাটোক নিঃশেষ কৰাৰ এক কৌশল ৰচনা হৈ আছে । শাসকীয় পক্ষই আলাপ আলোচনাৰ সময়ত কথাবোৰ ঠিকেই কয়, কিন্তু বাস্তৱত ইয়াৰ একো ফলাফল আমি দেখিবলৈ নাপাওঁ ।
বহু আন্দোলন, প্ৰতিবাদৰ অন্তত দুই এখন ফলকত অসমীয়া ভাষাটো সন্নিৱিষ্ট কৰে যদিও পৰবৰ্তী সময়ত আকৌ সেই একেটা কামেই কৰি আহিছে । সৌ সিদিনা বিটিচি সচিবালয়ৰ মূল তোৰণখনত অসমীয়া ভাষাটো সন্নিৱিষ্ট নকৰাক লৈ অবড়ো সুৰক্ষা সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলাপ আলোচনাৰ অন্তত তোৰণখনত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাটো সন্নিৱিষ্ট কৰা হ'ল যদিও পুনৰ বিটিচিৰে এটা অঞ্চলত পুণৰ এলাগী হৈ পৰা দেখিবলৈ পোৱা গ'ল অসমীয়া ভাষা ।
গতিকে এইবাৰৰ পৰা আৰু সেয়া কোনো কাৰণতে মানি লোৱা নহ'ব । আমি অবড়ো সুৰক্ষা সমিতিয়ে সকলো ভাষাই সন্মান সহকাৰে বিটিচিত জীয়াই থকাটো বিচাৰো । তেওঁ আৰু কয় যে, বিটিচিত বড়ো ভাষাৰ লগতে অসমীয়া ভাষাকো সন্মান দিবই লাগিব । অন্যথা আমি কেতিয়াও ক্ষান্ত নাথাকো বুলি বাক্সাৰ জালাহৰ পৰা অবড়ো নেতা জোন দাসে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰক।
Also Read: কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু