ওৰাঙত খেল মহাৰণৰ বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতা

ওৰাঙত খেল মহাৰণৰ বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতা
Published on
Updated on

ডিজিটেল সংবাদ,ওৰাং : ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা "খেল মহাৰণ"। যোৱা ১ নবেম্বৰৰ পৰা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। গাঁৱে -ভূঞে,চহৰে-নগৰে লুকাই থকা প্ৰতিভাৱান খেলুৱৈক বাচনি কৰি উলিয়াই আনি এখন মঞ্চ দিয়াৰ লক্ষ্যৰে ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অনুষ্ঠিত হৈছে "খেল মহাৰণ"।

সমান্তৰালকৈ ওদালগুৰি জিলাৰ ৰৌতাতো বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হৈছে এই কাৰ্যসূচী। ভি চি ডি চি পৰ্যায়ৰ প্ৰতিযোগিতা সমাপ্তৰ পিছত সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় মাজবাট বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতা।

ৰৌতাৰ ১ নং ফুহুৰাবাৰী খেলপথাৰত অনুষ্ঠিত সমষ্টি ভিত্তিক "খেল মহাৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মাজবাটৰ বিধায়ক চৰণ বড়োৱে। খেল মহাৰণৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈক উলিয়াই আনিব বিচৰা চৰকাৰৰ প্ৰচেষ্টাক ধন্যবাদ জনাই বিধায়ক চৰণ বড়োৱে।

৮ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰতিযোগিতাত ফুটবল,কাবাডী, খো-খো, ভলীবল, দৌৰ আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি পৰিচালকসকলে জানিবলৈ দিয়ে।

ওৰাঙত খেল মহাৰণৰ বিধানসভা সমষ্টি ভিত্তিক প্ৰতিযোগিতা
আছুক বিদায় জনাই গেৰুৱা বসন পিন্ধাৰ দিশে ৩০০ৰো অধিক নেতা-কৰ্মী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in