বাক্সাৰ অহোপাত শ্মশানগৃহ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি

বাক্সাৰ অহোপাত শ্মশানগৃহ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি
Published on
Updated on

ডিজিটেল সংবাদ, মছলপুৰঃ মৃতকক সৎকাৰ কৰাৰ নামটো দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে একাংশ ঠিকাদাৰৰ বিৰুদ্ধে । বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ডুমুনীৰ নিকটৱৰ্তী অহোপা শ্লুইচ গেটৰ নিচেই কাষতে স্থানীয় ৰাইজৰ সহায় হ'ব পৰাকৈ বিগত ২০২০-২১ বৰ্ষত 15th finance ৰ অধীনত ১০ লাখ টকা ধাৰ্য কৰা হৈছিল এটি শ্মশানগৃহ নিৰ্মাণৰ কামৰ বাবদ ।

কিন্তু লক্ষণীয়ভাৱে এটা বছৰ সম্পূৰ্ণ নৌহওঁতেই শ্মশানখনৰ অৱস্থা একেবাৰে চাব নোৱাৰা হৈ পৰিল । ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ ফলত ঘৰটোৰ সোঁমাজতে থকা ছিটাখনৰ চাৰিওটা মূল খুটা একেবাৰে বেকা হৈ হাউলি পৰাৰ লগতে মজিয়াখনো ফাটি উখহি যোৱাত এক বিভৎস ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ।

বিটিআৰৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভোগপাৰা ভিচিডিচিৰ অহোপাত নিৰ্মাণ কৰা এই শ্মশানগৃহটোৰ কাম অতি নিম্নমানৰ হোৱা বুলি আক্ষেপ কৰিছে স্থানীয় লোকে । তেওঁলোকৰ মতে শ্মশানঘৰটো নিৰ্মাণৰ নামত খৰচ হোৱা টকাবোৰ এনেয়েই গ'ল । ছিটাখনৰ ওপৰত মৃতকক তুলি দিলেই তললৈ সৰি পৰে । গতিকে দ্বায়িত্বজ্ঞানহীন ঠিকাদাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ এইবোৰ কথা শুনাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব পৰবৰ্তী সময়ত লক্ষণীয় ।

বাক্সাৰ অহোপাত শ্মশানগৃহ নিৰ্মাণৰ নামত ব্যাপক খেলিমেলি
হাফলঙত এক বৈঠকত অংশগ্ৰহণ মন্ত্ৰী পিযুষ হাজৰীকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in