বৰমাত ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

বৰমাত ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

author-image
Asomiya Pratidin
New Update
বৰমাত ৰাস মহোৎসৱৰ লাইখুটা স্থাপন

ডিজিটেল সংবাদ, বৰমা : বৰমা অঞ্চলৰ কুৰিখনৰো অধিক গাঁৱক সামৰি বৰমাৰ মাজ মজিয়াৰে বৈ যোৱা মৰা পাগলদিয়া নৈপাৰৰ নৈসৰ্গিক পৰিবেশত প্ৰথম বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। ১৫ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ সাদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে উদ্যোক্তাসকলে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে।

বৃহত্তৰ ৰাস মহোৎসৱখন সূচাৰুৰূপে পৰিচালনা কৰাৰ বাবে অমৃত শৰ্মাক সভাপতি আৰু দীপক ৰাছিয়াৰীক মুখ্য সম্পাদক হিচাপে লৈ এখন ৯১ জনীয়া মূল সমিতি গঠন কৰা হৈছে। লগতে পূজা, বিত্ত, সাংস্কৃতিক, শান্তি ৰক্ষা, প্ৰচাৰ,ৰভা-মঞ্চ, শব্দ -পোহৰ, বানিজ্য মেলা, খাদ্য, প্ৰতিমা, চিকিৎসা, অভ্যৰ্থনা,আইন,প্ৰদৰ্শনী, স্মৃতিগ্ৰন্থকে ধৰি প্ৰায় ১৪ খন উপ- সমিতি গঠন কৰা হৈছে।

উক্ত ৰাস মহোৎসৱৰ লাইখুটা সোমবাৰে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত স্থাপন কৰা হয়। লাইখুঁটা স্থাপনত নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ তথা সমাজকৰ্মী গণেশ তামুলীয়ে অংশ গ্ৰহণ কৰে ৷ লাইখুঁটা স্থাপন কৰি সমাজকৰ্মী গণেশ তামুলীয়ে কয় যে বৰমাৰ এই ৰাস মহোৎসৱেই শান্তিৰ বাণী প্ৰচাৰ কৰাত সহায় কৰিব আৰু বৰমাত এখন সুস্থ সমাজ গঠনত সহায়ক হ'ব ৷

ৰাস নৃত্যৰ দ্বাৰাই কৃষ্ণই জগতত শান্তি স্থাপন কৰিছিল য’ত প্ৰেম বান্ধোনৰ সুচনা হৈছিল ৷ কৃষ্ণৰ বাণী যদি আমি মানি চলো তেনেহ'লে এই পৃথিৱীত হত্যা হিংসা নাথাকি কেৱল শান্তি হ'ব ৷ এই পৃথিৱীত বায়ু পানী নদ নদী পৰ্বত পাহাৰ সকলো দিছে যত অন্য গ্ৰহত নাই ৷ সেয়েহে আমি এই পৃথিৱীত শান্তিৰে বাস কৰি থাকিব লাগে ৷

তেওঁ আৰু কয় যে দ্বাপৰ যুগত বিষ্ণুই কৃষ্ণৰ ৰূপ লৈ জগতখনক কেনেকৈ আগুৱাই লৈ যাব লাগে, মানুহে কেনেকৈ বাস কৰিব লাগে এই সকলো বিলাক মহাভাৰতৰ গীতাৰ যোগেদি কৈ থৈ গৈছে ৷ যেনেদৰে মহাভাৰতৰ যুদ্ধত ৰাজনীতিৰ ধংস হৈ গল তেনেকৈ কলিৰ যুগতো কল্কী অৱতাৰ ল'ব তেতিয়া ভাৰতৰ ৰাজনীতি ধংস হৈ যাব বুলিও মন্তব্য কৰে গণেশ তামুলীয়ে ৷

আজিৰ এই বৃহত্তৰ অঞ্চলটোৰ ধর্মীয় লাইখুঁটা স্থাপন অনুষ্ঠানটোত বৃহত্তৰ বৰমা অঞ্চলৰ জাতি, ধৰ্ম- বর্ণ, ভাষা নির্বিশেষে সকলো শ্ৰেণীৰ লোকৰ অংশগ্রহণ কৰে ৷

Also Read: ৰাষ্ট্ৰীয় যোগ ক্ৰীড়া প্ৰতিযোগিতাত অসম দলৰ এটা ৰূপ, দুটা ব্ৰঞ্জৰ পদক অৰ্জন...

বৰমা ৰাস মহোৎসৱ