গান্ধী পৰিয়ালৰ বিৰুদ্ধে কটু মন্তব্য কৰি নিলম্বিত বিপিএফৰ নেতা...

গান্ধী পৰিয়ালৰ বিৰুদ্ধে কটু মন্তব্য কৰি নিলম্বিত বিপিএফৰ নেতা...

author-image
Asomiya Pratidin
New Update
গান্ধী পৰিয়ালৰ বিৰুদ্ধে কটু মন্তব্য কৰি নিলম্বিত বিপিএফৰ নেতা...

গান্ধী পৰিয়ালৰ বিৰুদ্ধে কটু মন্তব্য কৰি নিলম্বিত বিপিএফৰ নেতা...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ উপৰিও আৰু বিপিএফৰ প্ৰাথমিক সদস্যপদৰ পৰা অনিৰ্দিষ্টকালৰ বাবে বৃহস্পতিবাৰে অব্যাহতি দিয়া হয় বিতৰ্কিত নেতা ভৰত শৰ্মাক। বিয়লি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বিটিচিৰ বিৰোধী দলপতি তথা কোকৰাঝাৰ জিলা বিপিএফৰ সভাপতি, জেষ্ঠ্য নেতা দেৰহাছাৎ বসুমতাৰীয়ে ভৰত শৰ্মাক অনিৰ্দিষ্টকালৰ বাবে নিলম্বনৰ কথা সদৰি কৰিছে ।

এক প্ৰেছ বিবৃতিত বিপিএফ জ্যেষ্ঠ নেতা দেৰহাছাৎ বসুমতাৰীয়ে উল্লেখ কৰে যে, ভৰত শৰ্মাই যোৱা ১৯ ছেপ্টেম্বৰত এক সংবাদমেলযোগে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ক্ৰমে প্ৰয়াত ইন্দিৰা গান্ধী , ৰাজীৱ গান্ধী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক কটু সমালোচনা কৰি গান্ধী উপাধি সন্দৰ্ভত কটু বক্তব্য প্ৰদান কৰিছিল। বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভৰত শৰ্মাৰ উক্ত মন্তব্যই বিপিএফ দলক আঘাত হনাৰ উপৰিও বিপিএফৰ ধৰ্মনিৰপেক্ষতা চৰিত্ৰৰ ওপৰত আঘাত হানিছে বুলি মন্তব্য কৰি বিপিএফৰ কেন্দ্ৰীয় কাৰ্যানিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে ভৰত শৰ্মাক অনিৰ্দিষ্টকালৰ বাবে নিলম্বনৰ কথা সদৰি কৰে দেৰহাছাৎ বসুমতাৰীয়ে ।

ইতিমধ্যে বিপিএফৰ দলৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মই গান্ধী পৰিয়ালৰ প্ৰতি অগণতান্ত্ৰিক, সাম্প্ৰদায়িক শব্দ সংবাদমেলত ব্যৱহাৰ কৰা বাবে ভৰত শৰ্মাক বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যপদৰ পৰা তথা বিপিএফৰ প্ৰাথমিক সদস্যপদৰ পৰা বৃহস্পতিবাৰৰ পৰা কাৰ্যকাৰী হোৱাকৈ অনিৰ্দিষ্টকালৰ বাবে নিলম্বন কৰা হৈছে বুলি পত্ৰযোগে ভৰত শৰ্মাক অৱগত কৰিছে ।

Also Read: শুকুৰ আলি !

বি পি এফ