কোকৰাঝাৰত বিনেশ্বৰ ব্ৰহ্মৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন...

বিনেশ্বৰ ব্ৰহ্মৰ অৱদান আৰু কৰ্মৰাজিক বড়ো সাহিত্য সভাই কেতিয়াও পাহৰিব নোৱাৰে : বড়ো সাহিত্য সভা ।
কোকৰাঝাৰত বিনেশ্বৰ ব্ৰহ্মৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন...
কোকৰাঝাৰত বিনেশ্বৰ ব্ৰহ্মৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন...
Published on
Updated on

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চান্দামাৰিস্থিত প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ সমাধি ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ উদ্যোগত আজি সুবুংনি থান্দৈ অৰ্থাৎ মানৱতাৰ দূত হিচাপে খ্যাত বিনেশ্বৰ ব্ৰহ্ম ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। বড়ো সাহিত্য সভাৰ পতাকা অৰ্ধ উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে৷ ইয়াৰ পিছতে প্ৰয়াত ব্ৰহ্মৰ সমাধীথলত পুষ্পাঞ্জলী অৰ্পন কৰা হয় ।

ইপিনে উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰয়াত ব্ৰহ্মৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে জাতি সংকটৰ অস্থিৰময় পৰিস্থিতিত বড়ো সাহিত্য সভাক সন্মুখৰ পৰা নেৰ্তৃত্ব দিবলৈ গৈ ছহিদ হোৱা প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মই বড়ো ভাষা-সাহিত্যৰ উত্তৰণৰ যি অৱদান দি গ'ল সেয়া বড়ো জনগোষ্ঠীয়ে তেওঁক কেতিয়াও নাপাহৰে বুলি মন্তব্য কৰে ৷

বড়ো জনগোষ্ঠীৰ সমন্বয়ৰ প্ৰতীক হিচাবে কাম কৰি অহা বিনেশ্বৰ ব্ৰহ্মই বড়ো সমাজৰ জটিল ক্ষণত বড়ো সমাজক সঠিক পথেৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু জাতিটোক ন্যায় প্ৰদানৰ বাবে জাতিৰ হৈ দায়িত্ব পালন কৰিছিল বুলি মন্তব্যৰে প্ৰমোদ বড়োৱে কয় যে, বড়ো জাতিৰ উত্তৰণৰ স্বাৰ্থত প্ৰয়াত সাহিত্যিক গৰাকীয়ে সুস্থ পৰিবেশ গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্ঠা কৰিছিল ৷ জাতিটোৰ স্বাৰ্থত কাম কৰি অহা সাহিত্যিকগৰাকীয়ে অৱশেষত জাতিৰ কাৰণেই প্ৰাণ দিলে বুলি মন্তব্য কৰি বড়ো জাতিৰ মাগদৰ্শক , মানৱতাৰ দূত বিনেশ্বৰ ব্ৰহ্মৰ নীতি,আদৰ্শ চিন্তাধাৰাক সজীৱ কৰি ৰখাৰ উদ্দেশ্য তেখেতৰ সমাধিস্থলীত চলিত বৰ্ষত দুই কোটি টকাৰে উন্নয়নমূলক কাম কৰা হ’ব বুলি মন্তব্য কৰিছে ।

ইপিনে সংবাদ মাধ্যমৰ আগত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে স্বজাতিৰ ভাষা-সাহিত্য বিকাশৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ অৱদান আৰু কৰ্মৰাজিক বড়ো সাহিত্য সভাই কেতিয়াও পাহৰিব নোৱাৰে আৰু তেওঁৰ অৱদানক বড়ো সাহিত্য সভাই সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব বুলি মন্তব্য কৰিছে।উল্লেখ্য যে আজিৰ অনুষ্ঠানত আজিৰ অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰী, কেবাগৰাকী সাহিত্যিক আৰু আন বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল ৷

কোকৰাঝাৰত বিনেশ্বৰ ব্ৰহ্মৰ ২৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন...
কোকৰাঝাৰত FLN ৰ ৫ দিনীয়া প্ৰশিক্ষণ আৰম্ভঃ টয়লেটক লৈ গভীৰ সমস্যাত প্ৰশিক্ষাৰ্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in