কংগ্ৰেছ এতিয়া ICUত,কংগ্ৰেছৰ বেলুন শীঘ্ৰেই ফুটিব : বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত

শোণিতপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী অশোক সিংঘল

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ এতিয়া ICUত,কংগ্ৰেছৰ বেলুন শীঘ্ৰেই ফুটিব : বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত

ডিজিটেল সংবাদ, ওৰাং : সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপিয়ে চলাইছে মাৰথান নিৰ্বাচনী প্ৰচাৰ। শুকুৰবাৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় মন্ত্ৰী অশোক সিংঘলে

সমষ্টিটোৰ অন্তৰ্গত লক্ষ্মী মন্দিৰ ৰঙ্গমঞ্চ, নিজ বৰচলা গাঁও পঞ্চায়ত আৰু শিঙিমাৰী কোচগাঁও বীণাপানী ৰঙ্গমঞ্চ, ডুমডুমা গাঁও পঞ্চায়তত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ সমৰ্থনত মন্ত্ৰী সিংঘলে নিৰ্বাচনী প্ৰচাৰত অংশ লয়। মন্ত্ৰীগৰাকীয়ে দুয়োখন সভাত উপস্থিত থাকি সাম্প্ৰতিক সময়ত অসমৰ সমূহ জনতা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্ব আৰু বিজেপিৰ বিকাশৰ পক্ষত থকা বুলি অনুভৱ কৰে।

ইয়াৰোপৰি ঢেকিয়াজুলিৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লয় প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু মন্ত্ৰী অশোক সিংহালে ৷ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি ৰঞ্জিত দত্তই কয়- কংগ্ৰেছৰ পতাকা ক'তোৱেই নাই। কংগ্ৰেছ এতিয়া ICUত ৷ কংগ্ৰেছৰ বেলুন শীঘ্ৰেই ফুটিব ৷ লগতে মন্তব্য প্ৰসংগত তেওঁৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰে।

Also Read: বাংগালুৰুৰ কেফে বিস্ফোৰণ কাণ্ড : মূল অভিযুক্তক চিনাক্ত,ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ

bjp sonitpur loksabha election Ranjit Dutta ashok singhal