ডিজিটেল সংবাদ, চিৰাং : প্ৰমোদ বড়োৰ নেতৃত্বতাধীন বিজেপি-ইউপিপিএল মিত্ৰজোঁটৰ বিটিচিৰ প্ৰশাসনৰ অন্যতম কাৰ্য্যবাহী সদস্য তথা বিজেপি নেতা ৰেওৰেওৱা নাৰ্জীহাৰীক ২৮ আগষ্টত ৰাজ্যপালে এক নিৰ্দেশনাযোগে কাৰ্য্যবাহী সদস্য পদৰ অপসাৰণ কৰিছিল। ইয়াক কেন্দ্ৰ কৰি বিটিআৰ এলেকাত বিজেপি আৰু ইউপিপিএলৰ দলীয় নেতা কৰ্মী সকলৰ মাজত এক শীতল যুজঁ আৰম্ভ হৈছে বুলি চৰ্চা চলি আছে।
ইয়াৰ মাজতে শুকুৰবাৰে ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে বিটিচিত ২০২০ চনত বিটিআৰ শান্তিচুক্তি সম্পাদিত হোৱাৰ পিছত বিটিচি পৰিষদীয় নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হৈছিল। প্ৰমোদ বড়োৰ নেতৃত্বতাধীন বিটিচি পৰিষদীয় চৰকাৰখনত ইউপিপিএল আৰু বিজেপি দুয়োটা অংশীদাৰী দলৰে কাৰ্য্যবাহী সদস্য আছে ।
চৰকাৰ গঠন কৰা দুয়োটা ৰাজনৈতিক দলৰ নিজা নিজা দলীয় অনুশাসন ব্যবস্থা আছে। তেনেক্ষেত্ৰত যিকোনো কাৰণত বিজেপি দলে তেওঁলোকৰ কোনো সাধাৰণ পাৰিষদ বা কাৰ্য্যবাহী সদস্যৰ ওপৰত যদি কোনো অনুশাসন মূলক ব্যবস্থা গ্ৰহণ কৰিব লাগে তেন্তে সেয়া বিজেপি দলৰ পৰাই কৰিব লাগিব ।
কাৰ্য্যবাহী সদস্য পদৰ পৰা ৰেওৰেওৱা নাৰ্জীহাৰীৰ অপসাৰণ কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ বিজেপিৰ দলগত সিদ্ধান্তৰ ওপৰতে হৈছে বুলি মন্তব্য কৰে। লগতে কয় যে বিধিগত নিয়ম অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াৰ অন্তত ৰাজ্যপাল মহোদয়ৰ অনুমোদন আৰু নিৰ্দ্দেশনা অহাৰ পিছত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে প্ৰমোদ বড়োই কেৱল কাৰ্য্যকৰীহে কৰিছে।
এই বিষয়টো লৈ বহুতে বিটিচিৰ মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল ইউপিপিএল আৰু বিজেপিৰ মাজত সমস্যা সৃষ্টি হ'ব বুলি আশংকা ব্যক্ত কৰিছিল, কিন্তু বাস্তৱ ক্ষেত্ৰত তেনেকুৱা একো হোৱা নাই বুলি দাবী কৰে ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰীয়ে ।
বহুতে ভবা ধৰণে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনত ইয়াৰ কোনো প্ৰভাৱ নপৰে বৰঞ্চ ইউপিপিএল আৰু বিজেপি দুয়োটা দলেই বিটিআৰ অঞ্চলত স্থায়ী শান্তি আৰু উন্নয়নৰ হকে একত্ৰিতভাৱে কাম কৰি আছো আৰু আগলৈ কৰি যাম বুলি তেঁও মন্তব্য কৰে । ৰেওৰেওৱা নাৰ্জীহাৰীৰ কাৰ্য্যবাহী সদস্যৰ পৰা অপসাৰণ কৰা সন্দৰ্ভত বিটিচিৰ আন এজন বিজেপিৰ কাৰ্য্যবাহী গৌতম দাসক প্ৰশ্ন কৰাত তেওঁ কয় যে সতীৰ্থ কাৰ্য্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জীহাৰীৰ কাৰ্য্যবাহী সদস্য পদৰ পৰা অপসাৰণ সন্দৰ্ভত বিশেষ ভাবে অৱগত নহয় বুলি কয় ।
তদুপৰি পৰিষদ এটাত কাৰ্য্যবাহী সদস্য পদ ৰদবদল এই কৰাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া হয়। এই বিষয়টোৰ ওপৰত কথা পাতিবলৈ বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য, ৰাজ্যৰ মুখ্যমন্ত্ৰী আছে তেনেক্ষেত্ৰত এই বিষয়টোৰ ওপৰত বিশেষ একো নজনাকৈ মন্তব্য কৰাটো সঠিক নহব বুলি সাংবাদিকক জানিব দিয়ে।
বিজেপিৰ দলীয় স্বাৰ্থত বিটিচিৰ কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক সমালোচনা কৰাৰ বাবেই কাৰ্য্যবাহী সদস্য পদ হেৰুৱাব লগা হল নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত গৌতম দাসে কয় যে ৰেওৰেওৱা নাৰ্জীহাৰীয়ে সমালোচনা কৰা বিষয়টো তেখেতৰ দৃষ্টিগোচৰ হোৱা নাই বা তেনেকুৱা কিবা কাৰণত যদি ৰেওৰেওৱা নাৰ্জীহাৰীক অপসাৰণ কৰা হৈছে সেয়াও অৱগত নহয় বুলি মত ব্যক্ত কৰে ।
Also Read: তিতাবৰৰত স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অভিনৱ প্ৰতিবাদ