পুনৰ বড়ো বিদ্ৰোহী সহস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ, সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবী

বড়ো জনগোষ্ঠীৰ মাজত নতুনকৈ আত্মপ্ৰকাশ কৰা সহস্ত্ৰ সংগঠনৰ নাম " বড়ো লিবাৰেছন আৰ্মী " চমুকৈ বিএলএ।

author-image
Asomiya Pratidin
New Update
পুনৰ বড়ো বিদ্ৰোহী সহস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ, সুকীয়া বড়ো  ৰাজ্য গঠনৰ দাবী

ডিজিটেল ডেস্কঃ বড়ো ভূমিত পুনৰ এটা অস্ত্ৰধাৰী সংগঠনৰ আত্মপ্ৰকাশ। বড়ো জনগোষ্ঠীৰ মাজত নতুনকৈ আত্মপ্ৰকাশ কৰা সহস্ত্ৰ সংগঠনৰ নাম " বড়ো লিবাৰেছন আৰ্মী " চমুকৈ বিএলএ। এখন সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবীক মুখ্য কৰি এই সংগঠনটো গঠন কৰা বুলি উল্লেখ কৰিছে।

সামাজিক মাধ্যমত প্ৰকাশ হোৱা সংগঠনৰ ৰাইটিং পেডৰ জৰিয়তে প্ৰকাশ কৰি বড়ো ভূমিত পুনৰ আন এটা সহস্ত্ৰ সংগঠনৰ গঠনৰ বিষয়ে জনাইছে। উল্লেখযোগ্য যে সুকীয়া বড়ো ৰাজ্য সৃষ্টিৰ দাবীৰ মুল উদ্দেশ্য লৈ ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত এই সংগঠনটো গঠন কৰা বুলি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক জনাইছে বুলি উল্লেখ কৰিছে। বিএলএ সংগঠনটোত সভাপতি হিচাপে বি, দৈদেনগ্ৰা, উপ সভাপতি হিচাপে বি, ৰোনগোৰা, সাধাৰণ সম্পাদক হিচাপে বি, বোখাংছা আৰু সেনা প্ৰধান হিচাপে বি, অনখ্লাই সকলে দায়িত্ব আছে।

উল্লেখ্য যে ২০২০ চনৰ ২৭ জানুৱাৰীত এনডিএফবিৰ চাৰিটা গোট, নিখিল বড়ো ছাত্ৰ সন্থা, ইউবিপিঅ'ই ভাৰত চৰকাৰ-অসম চৰকাৰৰ সৈতে বড়ো তৃতীয় চুক্তি " বিটিআৰ চুক্তি"ৰ পিছত বিভিন্ন দাবী লৈ বড়ো ভূমিত দুটা সহস্ত্ৰ সংগঠনৰ জন্ম হৈছিল। এই সংগঠনবোৰ হৈছে নেচনেল লিবাৰেছন ফ্ৰন্ট অফ বড়োলেণ্ড চমুকৈ এনএলএফবি আৰু ইউনাইটেড লিবাৰেছন অফ বড়োলেণ্ড চমুকৈ ইউএলবি।

কিন্তু বড়ো ভূমিত শান্তি-সম্প্ৰতিৰ ঘুৰাই অনাৰ স্বাৰ্থত এই দুইটা সংগঠননে বৰ্তমান যুদ্ধ বিৰতিত থাকি আলোচনা কৰিবলৈ আহিছে। বৰ্তমান দুইটা সংগঠননে চৰকাৰৰ সৈতে আলোচনা চলি আছে।

একাংশ সচেতন লোকে অভিযোগ কৰা মতে ২০০৩ চন ১০ ফেব্ৰুৱাৰীত বড়ো লিবাৰেছন টাইগাৰ ফৰ্চ চমুকৈ বিএলটিয়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে দ্বিতীয় বড়ো চুক্তি " বিটিচি চুক্তি"ৰ পিছত নতুনকৈ কোনো সহস্ত্ৰ সংগঠন জন্ম হোৱা নাছিল, কিন্তু বিটিআৰ চুক্তিৰ পিছত তিনিটাকৈ সহস্ত্ৰ সংগঠনৰ জন্ম হোৱা কাৰ্যই বিটিআৰ চুক্তিখনক যে একাংশ বড়ো লোকে আদৰণি জনোৱা নাই ইয়াকে সন্দেহ প্ৰকাশ কৰিছে।

Also Read: তিনিচুকীয়াত ঘৰৰ ভিতৰতে শিৰচ্ছেদ পিতা-পুত্ৰক...