বড়ো জাতীয়তাবাদী নেতা কৰেন্দ্ৰ বসুমতাৰীলৈ 'এটি যুগৰ যুঁজাৰু' সন্মান

নিখিল বড়ো ছাত্ৰ সন্থাই আজি প্ৰদান কৰে এই সন্মান
বড়ো জাতীয়তাবাদী নেতা কৰেন্দ্ৰ বসুমতাৰীলৈ 'এটি যুগৰ যুঁজাৰু' সন্মান
বড়ো জাতীয়তাবাদী নেতা কৰেন্দ্ৰ বসুমতাৰীলৈ 'এটি যুগৰ যুঁজাৰু' সন্মান
Published on
Updated on

ডিজিটেল সংবাদ ওৰাংঃ একালৰ বড়ো জাতীয়তাবাদী নেতা, নিখিল বড়ো ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি, তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ নাথ বসুমতাৰীলৈ মৰোণোত্তৰভাৱে আগবঢ়োৱা হৈছে 'এটি যুগৰ যুঁজাৰু' সন্মান। আজি নিখিল বড়ো ছাত্ৰ সন্থাই মৰোণোত্তৰভাৱে প্রদান কৰে এই সন্মান।

ৰৌতা সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে এবছুৰ কেন্দ্রীয় সভাপতি দ্বিপেন বড়ো। অনুষ্ঠানৰ আৰম্ভণিতে প্রথেমে একালৰ মহান বড়ো জাতীয়তাবাদী নেতাগৰাকীৰ প্রতিমূৰ্তিত মাল্যাপর্ণ কৰে এবছুৰ সভাপতিগৰাকীয়ে। তাৰ পাছতেই অৰ্ধপতাকা উত্তোলনৰে সন্মান প্রদান কৰা হয় প্ৰাক্তন বিধায়কগৰাকীক।

উল্লেখ যে, বড়ো জাতীয়তাবাদৰ স্বাৰ্থত স্বাক্ষৰিত BSE চুক্তি, BTC চুক্তি, BTR চুক্তিতো সমুখৰ পৰা নেতৃত্ব লৈছিল প্রয়াত কৰেন্দ্ৰ নাথ বসুমতাৰীয়ে। তিনিবাৰৰ বিধায়ক, বড়ো সংগ্ৰামৰ অন্যতম নেতা আৰু বড়ো জনগোষ্ঠীক বৌদ্ধিক নেতৃত্ব প্ৰদান কৰিছিল কৰেন্দ্ৰ বসুমতাৰীয়ে।

বড়ো জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰো নেতৃত্ব বহন কৰা কৰেন্দ্ৰ বসুমতাৰী আছিল এগৰাকী দূৰদৰ্শী নেতা। প্ৰতিটো বিষয়তে তেওঁ ল'ব পাৰিছিল সঠিক সিদ্ধান্ত।তেওঁৰ নীতি আদৰ্শ আৰু বড়ো জাতিৰ বাবে আগবঢ়োৱা অৱদান জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ হিচাপে আজি এই সন্মান প্ৰদান কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। বড়ো জনগোষ্ঠীয়ে আজিৰ পৰ্যায় পোৱাত কৰেন্দ্ৰ বসুমতাৰীৰ অৱদানকো আজিৰ অনুষ্ঠানত সোঁৱৰে উপস্থিত সকলোৱে।

বড়ো জাতীয়তাবাদী নেতা কৰেন্দ্ৰ বসুমতাৰীলৈ 'এটি যুগৰ যুঁজাৰু' সন্মান
বৰহোলা মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰী তদন্ত আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in