ভূমিৰ পট্টা লাভ নকৰা লোকক পট্টা প্ৰদান কৰিব হাগ্ৰামা মহিলাৰীয়ে!

ভূমিৰ পট্টা লাভ নকৰা লোকক পট্টা প্ৰদান কৰিব হাগ্ৰামা মহিলাৰীয়ে!
Published on
Updated on

ডিজিটেল সংবাদ, বাক্সা: বাক্সা জিলাৰ মুছলপুৰৰ ওচৰৰ অদালবাৰীত বিপিএফ দলৰ এখন কেন্দ্ৰীয় কাৰ্যনিবাহক সমিতিৰ সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণৰ পাচতে বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।

তেওঁ কয় যে, ২০২৫ৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে চৰকাৰ গঠন কৰাটো এশ শতাংশ নিশ্চিত। তদুপৰি চৰকাৰ গঠন কৰিয়েই প্ৰথম কাম হিচাপে বিগত নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ভূমিৰ পট্টা লাভ নকৰা লোকক মাটিৰ পট্টা প্ৰদান কৰিব। আনহাতে আগন্তুক উপ-নিৰ্বাচনত বিপিএফে চিদলী বিধানসভা সমষ্টিত অকলে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি মন্তব্য কৰে।

লগতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএলক কটাক্ষ কৰি কয় যে, যোৱা লোকসভা নিৰ্বাচনত ইউপিপিএলে জয়ী হ'লেও তেওঁলোকৰ নেতা-কৰ্মীসকলে আনন্দ উৎসৱ পালন কৰাৰ সাহস কৰিব পৰা নাই। কিয়নো সেয়া তেওঁলোকৰ প্ৰকৃত জয় নহয়। সাংবাদিকৰ এক প্ৰশ্নত হাগ্ৰামা মুহিলাৰীয়ে বিপিএফৰ সভাপতি হৈ বিজেপি বা কংগ্ৰেছৰ কথা কিয় কব বুলিও সাংবাদিকৰ আগত কয়।

ভূমিৰ পট্টা লাভ নকৰা লোকক পট্টা প্ৰদান কৰিব হাগ্ৰামা মহিলাৰীয়ে!
আয়ুক্ত সন্মিলন: ২ অক্টোবৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব উপ-জিলাৰ কাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in