ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰংগুৰীত আজি ছালাকাটি ব্লক বিপিএফৰ সপ্তম ত্ৰিবাৰ্ষিক অধিবেশন উপলক্ষে এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। লোকে লোকাৰণ্য হৈ পৰা উক্ত অধিবেশনতে ছালাকাটি ব্লক বিপিএফৰ নতুন সমিতিখন গঠন কৰা হয়।
সেইমৰ্মে সুৰেনসিং ৰায়ক সভাপতি আৰু মনোজ বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ বিপিএফৰ ১০০ জনীয়া ছালাকাটি ব্লক সমিতিখন নতুনকৈ গঠন কৰা হয়। তদ্ৰুপ ১০০ জনীয়া সদস্যৰে মহিলা, যুৱ আৰু বিএচইউৰ সমিতিও গঠন কৰা হয়।
ছালাকাটি ব্লক বিপিএফৰ ত্ৰিবাৰ্ষিক অধিবেশনত প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, বিটিচি বিধান পৰিষদৰ বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী, বিপিএফৰ উপ-সভাপতি শুদ্ধ বসুমতাৰী সহিতে বিপিএফৰ আন নেতাসকল উপস্থিত আছিল।
ইপিনে বিপিএফৰ উপ-সভাপতি তথা চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত বিপিএফৰ সম্ভাব্য প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে অনাগত চিদলী বিধানসভাৰ উপ- নিৰ্বাচনত বিপিএফৰ বিজয় সুনিশ্চিত বুলি দাবী কৰিছে। বিপিএফৰ স্থিতি যথেষ্ট শক্তিশালী বুলি দাবী কৰি সাংবাদিকৰ প্ৰশ্নোত্তোৰত শুদ্ধ বসুমতাৰীয়ে ইউপিপিএল আৰু বিপিএফে মিত্ৰতা সন্দৰ্ভত আলোচনা অব্যাহত থকাৰ কথা সদৰি কৰিছে।
লোকসভা নিৰ্বাচনত বিপিএফে পৰাজয়বৰণ কৰা সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত শুদ্ধ বসুমতাৰীয়ে কয় যে, পৰাজয়ৰ আঁৰত কেতবোৰ কাৰণ আছে তাৰ ভিতৰত ইভিএমসমূহত ৭০০ - ৮০০ টাকৈ ভোটৰ অমিল হৈছিল বুলি মন্তব্য কৰে। অহা বিটিচি নিৰ্বাচনতো বিপিএফৰ বিজয় ১০০ শতাংশই নিশ্চিত বুলি দাবী কৰিছে বিপিএফৰ উপ সভাপতি শুদ্ধ বসুমতাৰীয়ে।
উল্লেখ্য যে বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিপিএফ ৰাজনৈতিক দল ক্ৰমান্বয়ে সক্ৰিয় হৈ উঠিছে আৰু সভা-সমিতি অনুষ্ঠিত কৰি উপ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে। বিপিএফৰ সভা-সমিতিত যথেষ্ট পৰিমানে ভোটাৰ ৰাইজ উপস্থিত থকাটো তাপপৰ্যপূৰ্ণ বিষয় হিচাপে চিহ্নিত হৈছে।
Also Read: বিপদত মুখ্যমন্ত্ৰী! আবেদন নকৰাকৈয়ে ১৪ স্থানৰ ভূমি কৰিলে পত্নীৰ নামত...