ব্ৰহ্মপুত্ৰ,ধনশ্ৰী আৰু পাঁচ নৈৰ জলপৃষ্ঠ বৃদ্ধি : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ পৰিস্থিতি

ব্ৰহ্মপুত্ৰ,ধনশ্ৰী আৰু পাঁচ নৈৰ জলপৃষ্ঠ বৃদ্ধি : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ পৰিস্থিতি
Published on
Updated on

ডিজিটেল সংবাদ,দলগাঁও : ধনশ্ৰী, পাঁচ নৈ আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উদ্যানখনৰ প্ৰায় ৭০% অঞ্চল বানপানীয়ে বুৰাই পেলোৱা বুলি জানিব পৰা গৈছে ৷

উদ্যানখনৰ দক্ষিণ দিশে ব্ৰহ্মপুত্ৰ নৈ, ধনশ্ৰী নৈৰ লগতে পাঁচ নৈৰ বাঢ়নী পানীয়ে উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত বন্য জীৱ-জন্তৰ প্ৰতি ভাবুকি আহিছে। অৱশ্যে ইতিমধ্যে বহু জীৱ-জন্তৱে ওখ নিৰাপদ স্থানত আশ্ৰয় লৈছে ৷

ইফালে বানপানীৰ মাজতো বনকৰ্মীসকলে অতি কষ্টেৰে পহৰা দি থাকিব লগা হৈছে ৷ উদ্যানখনৰ ৫০টা কেম্পৰ ভিতৰত ২০টা কেম্প জলমগ্ন হৈ পৰিছে ৷ খয়ৰাচালি, বালিকেম্পত ৭ৰ পৰা ১৫ ফুটলৈ পানী উঠিছে ৷

এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো উদ্যানখনৰ বনকৰ্মীসকলে এশিঙীয়া গঁড়কে ধৰি অন্যান্য জীৱজন্তসমূহ চোৰাংচিকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ নাঁৱেৰে কৰ্তব্য পালন কৰিবলগীয়া হৈছে ৷ জানিব পৰা মতে সোমবাৰৰে পৰা ধনশ্ৰী নৈৰ পানী হঠাৎ বৃদ্ধি হোৱাত উদ্যানখনৰ পূৱ প্ৰান্তৰ কেইবাটাও কেম্পত ভয়ানকভাৱে পানী বৃদ্ধি পাইছে ৷ এতিয়ালৈকে উদ্যানখনৰ প্ৰায় ২০ টা কেম্প বানৰ কবলত পৰিছে ৷

ব্ৰহ্মপুত্ৰ,ধনশ্ৰী আৰু পাঁচ নৈৰ জলপৃষ্ঠ বৃদ্ধি : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ভয়াৱহ পৰিস্থিতি
মঙলদৈত অঘটন : বাঢ়নী পানীত উটি গ’ল ট্ৰেক্টৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in