ডুৰাণ্ড কাপ ফুটবলৰ বাবে সাজু বিটিচি প্ৰশাসন...

৩০ জুলাইৰ পৰা ২১ আগষ্টলৈ অনুষ্ঠিত হ'ব ১৩৩সংখ্যক এই ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা
ডুৰাণ্ড কাপ ফুটবলৰ বাবে সাজু বিটিচি প্ৰশাসন...
Published on
Updated on

ডিজিটেল সংবাদ, ওদালগুৰিঃ এছিয়াৰ ভিতৰতে অন্যতম পুৰণি ১৩৫ বছৰ অতিক্ৰমী ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ ফুটবলৰ বাবে সাজু হৈছে বিটিচি প্ৰশাসন। অহা ৩০জুলাইৰ পৰা অনুষ্ঠিত হ'ব ১৩৩সংখ্যক এই ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। ২১আগষ্টত প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব।

কলকাতা, ছিলঙৰ লগতে অসমৰ একমাত্ৰ কোকৰাঝাৰ সাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ফুটবল প্ৰতিযোগিতাখনি সন্দৰ্ভত বুধবাৰে ওদালগুৰি আৱৰ্ত্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে। তেখেতে কয়, "এচিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি এই ফুটবল প্ৰতিযোগিতাখনি বিটিচিত অনুষ্ঠিত হোৱাটো আমাৰ বাবে সৌভাগ্য। প্ৰতিযোগিতাখনৰ সৈতে সংগতি ৰাখি মঙলবাৰৰ পৰা ডুৰাণ্ড কাপৰ ট্ৰফীৰ শোভাযাত্ৰা বাহিৰ কৰা হ'ব। বৃহস্পতিবাৰে দিনৰ ১বজাৰ পৰা ওদালগুৰিৰ নলবাৰী খেলপথাৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই যাত্ৰা ১২জুলাইত তামুলপুৰ, ১৩জুলাইত বাক্সাত উপস্থিত হোৱাৰ পাছত ১৪ জুলাইত কোকৰাঝাৰত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। উক্ত অনুষ্ঠানত বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোচা, ভাৰতীয় সেনাৰ উচ্চ পদস্থ বিষয়া, জনপ্ৰিয় কেইবাগৰাকীও ফুলবল খেলুৱৈ উপস্থিত থাকিব। উক্ত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আমি ৰাইজৰ সহযোগিতা কামনা কৰিছো।"

ইফালে উক্ত প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড এফচি, উৰিষ্যা এফচি, বড়োলেণ্ড এফচিৰ লগতে আন দলে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি বড়োৱে কয়, "এইবাৰ বড়োলেণ্ড এফচিক শক্তিশালী কৰা হৈছে। দলটোক উন্নত মানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আশা কৰো এইবাৰ দলটোৱে ভাল ফলাফল দেখুওৱাব। এই প্ৰতিযোগিতাখনিৰ জৰিয়তে বিটিআৰৰ বাবে এনচিচি শাখা এটা লাভ কৰা হৈছে।" বিটিআৰ অঞ্চলৰ শান্তি সম্প্ৰীতিৰ লগতে খেলুৱৈ সৃষ্টিৰ বাবে এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰা বুলি আজি বড়োৱে সংবাদমেলত উল্লেখ কৰে। এই সংবাদমেলত ওদালগুৰি জিলাৰ ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া সঞ্জয় দৈমাৰীও উপস্থিত থাকে।

ডুৰাণ্ড কাপ ফুটবলৰ বাবে সাজু বিটিচি প্ৰশাসন...
বিধ্বস্ত মালদ্বীপৰ অৰ্থনীতিঃ লাগে ভাৰতীয় ক্ৰিকেট দলৰ সহাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in