বি টি চিৰ এখন জাননীত আতংকিত এটা সমষ্টি...

বিটিচি সচিবালয়ৰ এক জাননীক লৈ আতংকিত হৈ পৰিছে ওদালগুৰি জিলাৰ মাজবাটৰ পাচঁনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ ৰাইজ। কৌশলপূৰ্ণভাৱে সমষ্টিটোক ST ৰ বাবে সংৰক্ষণৰ চেষ্টাৰ অভিযোগ।

author-image
Tushar Pratim
New Update
বি টি চিৰ এখন জাননীত আতংকিত এটা সমষ্টি...

ডিজিটেল সংবাদ ওৰাং: বিটিচি সচিবালয়ৰ এক জাননীক লৈ আতংকিত হৈ পৰিছে ওদালগুৰি জিলাৰ মাজবাটৰ পাচঁনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ ৰাইজ। শেহতীয়াকৈ সমষ্টিটোৰ সৈতে ৬১ খন বড়ো জনগোষ্ঠীয় লোকৰ অধ্যুষিত গাওঁ অন্তৰ্ভুক্ত কৰি সমষ্টিটোক অনুসূচীত জনজাতিৰ বাবে সংৰক্ষণৰ চক্ৰান্ত চলাৰ অভিযোগ উঠিছে। 

এই অভিযোগ উত্থাপন হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে বড়ো ভূমিৰ শাসক দল ইউ পি পি এল। যোৱা ৫ মে’ত প্ৰকাশিত জাননীখনক একাংশই ভুলকৈ ব্যাখ্যা কৰাৰো অভিযোগ কৰিছে ইউ পি পি এলে। সেয়ে সমষ্টিটোৰ ৰাইজৰ মাজৰ আতংক আৰু বিভ্ৰান্তি দূৰ কৰিবলৈ এক সংবাদ মেল অনুষ্ঠিত কৰে ইউ পি পি এলে। 

সংবাদ মেলত প্ৰমোদ বড়োৰ অ’ এছ ডি ৰাজু ঢাকালে এই জাননীখনৰ ভুল ব্যাখ্যা হোৱা বুলি অভিযোগ কৰিছে। উল্লেখ্য যে, যোৱা ৫ মে' তাৰিখে বিটিচি সচিবালয়ৰ পৰা বিশ্বনাথ আৰু শোণিতপুৰ জিলা আয়ুক্তৰ পৰা প্ৰতিবেদন বিচাৰি এক জাননী জাৰী কৰিছিল। 

জিলা দুখনৰ পৰা ইতিমধ্যে বিটিচিত অন্তৰ্ভুক্ত হোৱা বড়ো অধ্যুষিত ৬১ খন গাঁও বিটিচিৰ পৰিষদীয় সমষ্টিত অন্তৰ্ভুক্ত সন্দৰ্ভত এই জাননী জাৰি কৰিছিল। এই লৈ মাজবাটৰ পাচঁনৈ ছেৰফাং পৰিষদীয় সমষ্টিৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। 

অজনজাতিৰ বাবে সংৰক্ষিত এই পাঁচনৈ ছেৰফাং পৰিষদীয় সমষ্টিত নতুনকৈ ৬১ খন গাওঁ অন্তৰ্ভুক্ত কৰি সমষ্টিটোত বড়ো ভোটাৰৰ সংখ্যা বৃদ্ধি কৰি গৰিষ্ঠ সংখ্যক বড়ো ভোটাৰেৰে এছ টিৰ বাবে সংৰক্ষিত কৰাৰ চক্ৰান্ত চলা বুলি সাধাৰণ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল। 

ইয়াৰ পিছতে মাজবাটত ইউ পি পি এল দলৰ হৈ সংবাদমেল সম্বোধন কৰি জনসাধাৰণক শংকিত নহ'বলৈ আহ্বান জনায় প্ৰমোদ বড়োৰ অ’ এছ ডি  ৰাজু ঢাকালে।

ওৰাং বি টি চি