BTRৰ ৩৩ খন মহাবিদ্যালয়ত কিতাপ যোগানৰ নামত কোটি টকীয়া কেলেংকাৰীঃ তদন্ত সমিতি গঠন

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ ৩৩ খন মহাবিদ্যালয়ত কিতাপ যোগান দিয়াৰ নামত ৪ কোটি টকাৰ বিযাগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বনছুৱে।

author-image
Tushar Pratim
New Update
BTRৰ ৩৩ খন মহাবিদ্যালয়ত কিতাপ যোগানৰ নামত কোটি টকীয়া কেলেংকাৰীঃ তদন্ত সমিতি গঠন

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ ৩৩ খন মহাবিদ্যালয়ত কিতাপ যোগান দিয়াৰ নামত ৪ কোটি টকাৰ বিযাগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ণ চমুকৈ বনছুৱে৷ আনহাতে বনছুৱে আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু শিক্ষামন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে৷ 

স্মাৰকপত্ৰৰ জৰিয়তে কিতাপ যোগান দিয়াৰ নামত সংঘটিত হোৱা এই বিয়াগোম দুৰ্নীতিৰ ন্যায়িক তদন্ত আৰু দুৰ্নীতিত জড়িতসকলক অচিৰেই গ্ৰেপ্তাৰ কাৰৰ দাবী জনাইছে বনছুৱে৷ ইপিনে উক্ত দুৰ্নীতিৰ তদন্ত আৰু দুৰ্নীতিত লিপ্ত দোষীক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ দিছে বনছুৰ উপসভাপতি হেমচন্দ্ৰ ব্ৰহ্মই৷ 

উল্লেখ্য যে দিল্লীৰ প্ৰশান্ত জৈন,  ৰাহুল জৈন, মোহিত কুমাৰ জৈন আৰু গৌৰৱ জৈন নামৰ লোক চাৰিজনে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ ৩৩ খন মহাবিদ্যালয়ত প্ৰায় চাৰি কোটি টকাৰ কিতাপ যোগান দিছিল৷ কিন্তু কিতাপ যোগান দিয়াৰ নামত লোক কেইজনে বিটিআৰৰ শিক্ষা বিভাগৰ সচিব আৰু শিক্ষা সঞ্চালসহ আন কিছুৰ সৈতে  মিলি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে৷ 

এখন ৫০০ টকাৰ কিতাপকে ১৫ হেজাৰ টকা দেখুৱাই লোক কেইজনে ৪ কোটি টকাৰ কিতাপ মহাবিদ্যালয়সমূহলৈ যোগান ধৰিছিল বুলি অভিযোগ উঠিছে৷ ইয়াৰোপৰি লোক কেইজনে পৰিচালনা কৰা ব্লেকলিষ্টটেড প্ৰতিষ্ঠানৰ পৰা পাইৰেচি কৰা কিতাপহে যোগান ধৰিছিল বুলি অভিযোগত প্ৰকাশ পাইছে৷

উল্লেখ্য যে নতুন দিল্লীৰ লাল এণ্ড এচোছিয়েট নামৰ গোষ্ঠী তথা বিজয় কুমাৰ গৌড় নামৰ ব্যক্তি এজনে শিক্ষা বিভাগত সংঘটিত হোৱা এই দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি বিটিআৰৰ শিক্ষা সচিব অমৰজ্যোতি বৰ্মণ আৰু শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্ম,  বডোলেণ্ড বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীয়ান খগেন কলিতা আৰু বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বি এল আহুজা আৰু ৩৩ খন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ আইনী জাননী প্ৰেৰণ কৰিছে৷ 

আইনী জাননীখনত উল্লেখ কৰা হৈছে যে বিটিআৰৰ শিক্ষা বিভাগৰ সচিব অমৰজ্যোতি বৰ্মনৰ পত্নীয়ে যোৱা ৪ এপ্ৰিলত কোকৰাঝাৰৰ মেজিষ্ট্ৰেট কলনীৰ চৰকাৰী বাসগৃহত নতুন দিল্লীৰ ৰাহুল জৈনৰ পৰা ৪০ লাখ টকা গ্ৰহণ কৰাৰ উপৰিও ৫ এপ্ৰিলত অমৰজ্যোতি বৰ্মনে নিজে ৬০ লাখ টকা আদায় লৈছিল। তদুপৰি অমৰজ্যোতি বৰ্মনে বিটিআৰৰ সচিব প্ৰধান আকাশ দ্বীপৰ নামতো পাঁচ লাখ টকা গ্ৰহণ কৰিছিল। 
আনহাতে বিটিআৰৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মক ৬ লাখ টকা আদায় দিয়া হৈছিল৷ একেদৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীয়ান খগেন কলিতাইও দুই লাখ টকা আদায় লৈছিল। 

ইপিনে এনে বিতৰ্কৰ মাজতে আজি বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ নিৰ্দেশত কিতাপ ক্ৰয় কেলেংকাৰী সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰা হৈছে। বিটিচিৰ মুখ্য সচিব স্বাক্ষৰিত এক জাননিত কোৱা হয় যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অব্যাহত ৰখাৰ পৰিণতিতে উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছে।

উক্ত সমিতি অধ্যক্ষ হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিটিচিৰ ষ্টেডিং কাউন্সিল তথা অধিবক্তা শব্দৰাম ৰাভা। তেওঁৰ নেতৃত্বত মুঠ ছজনীয়া সদস্যৰে এই তদন্ত সমিতি গঠন কৰা হৈছে। 

উক্ত সমিতিত সদস্য সচিব হিচাপে বিটিচিৰ সচিব ধীৰাজ সাউদ, বিটিচিৰ সচিব সুজিত বাগলাৰী, বিটিচিৰ জ্যেষ্ঠ আইন বিষয়া বিধান দাস,  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সুবুং বসুমতাৰী আৰু বিত্ত বিষয়া সোৰজ কুমাৰ ডোৰাক অন্তৰ্ভুক্ত কৰা হৈছে। তদন্ত সমিতিখনে বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে।  

BTRৰ ৩৩ খন মহাবিদ্যালয়ত কিতাপ যোগানৰ নামত কোটি টকীয়া কেলেংকাৰীঃ তদন্ত সমিতি গঠন

প্ৰমোদ বড়ো দুৰ্নীতি বড়োলেণ্ড বিশ্ববিদ্যালয় কোকৰাঝাৰ