ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ কাৰ্যালয়ত বিটিআৰ কো-অৰ্ডিনেচন, ট্ৰাইবেল সংঘই আজি এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত বিটিআৰ কো-অৰ্ডিনেচন, ট্ৰাইবেল সংঘৰ সভাপতি নিৰঞ্জন ব্ৰহ্ম, সাধাৰণ সম্পাদক গজেন নাৰ্জাৰী, এবছুৰ সহ সম্পাদক দীনেশ ব্ৰহ্মৰ লগতে অংশীদাৰী ১২ টা সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে ।
সংবাদমেলত বিটিআৰ কো-অৰ্ডিনেচন, ট্ৰাইবেল সংঘৰ সভাপতি নিৰঞ্জন ব্ৰহ্ম, সাধাৰণ সম্পাদক গজেন নাৰ্জাৰীয়ে সোণাপুৰৰ ট্ৰাইবেল বেল্ট আৰু ব্লকত সন্দেহযুক্ত নাগৰিকক উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। বিটিআৰ কো-অৰ্ডিনেচন, ট্ৰাইবেল সংঘই কয় যে, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ অবৈধ সন্দেহযুক্ত নাগৰিকৰ ৰম্যভূমি হৈ পৰিছে। জনজাতিসকলৰ ভূমি, আৰ্থ সামাজিক, ৰাজনৈতিক আদি সকলো হস্তগত কৰি অবৈধ সন্দেহযুক্ত নাগৰিকে জনজাতিসকলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য কৰি দক্ষিণ কামৰূপ সোণাপুৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ এলেকাৰ সোণাপুৰত মুখ্যমন্ত্ৰীয়ে সাহসিকতাৰে যি উচ্ছেদ চলালে সেয়া প্ৰশংসনীয়।
বৰ্তমান অসমত ৮৯ টা আৰু বিটিআৰত ১৯ টা ট্ৰাইবেল বেল্ট আৰু ব্লক আছে বুলি মন্তব্য কৰি বিটিআৰ কো-অৰ্ডিনেচন, ট্ৰাইবেল সংঘই সোণাপুৰৰ দৰে বিটিআৰৰ ট্ৰাইবেল বেল্ট আৰু ব্লকতো অতি সোনকালে উচ্ছেদৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনাইছে। তদুপৰি বনভূমি আইন-২০০৬ অনুসৰি বিটিআৰ এলেকাত অতি সোনকালে ভূমি আৱণ্টন দিয়াৰ ব্যৱস্থা কৰা, জনজাতিৰ ভূমি দানসূত্ৰে বা চিঠা নামজাৰীৰে জনজাতিৰ পৰা অজনজাতিলৈ হস্তান্তৰ সম্পূৰ্ণ অবৈধ আৰু তেনে নামজাৰি বাতিল কৰা আৰু জনজাতিসকলে বসৱাস কৰি থকা ভূমি চৰ্ত অবিহনে নামজাৰি কৰাৰ দাবী উত্থাপন কৰিছে বিটিআৰ কো-অৰ্ডিনেচন, ট্ৰাইবেল সংঘই।
তদুপৰি ট্ৰাইবেল ভূমিত বেদখলকাৰীসকলক উচ্ছেদ কৰা কাৰ্যৰ বিৰোধিতা কৰা একাংশ দল - সংগঠনৰ কাৰ্যক গৰিহণা দিছে বিটিআৰ কো-অৰ্ডিনেচন, ট্ৰাইবেল সংঘই।
Also Read: BJP ক লাগে একে সময়তে বিধানসভা, লোকসভাৰ নিৰ্বাচন...