৩০ এপ্ৰিলত বি টি আৰত বিশেষ টেট...

৩০ এপ্ৰিলত বি টি আৰত বিশেষ টেট...

author-image
Asomiya Pratidin
New Update
৩০ এপ্ৰিলত বি টি আৰত বিশেষ টেট...

৩০ এপ্ৰিলত বি টি আৰত বিশেষ টেট...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিআৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী উত্থাপন হোৱাৰ সময়তে অহা ৩০ এপ্ৰিলত বিটিআৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি আজি সদৰী কৰিছে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে । আজি কোকৰাঝাৰত শিক্ষকৰ বদলিকৰণ আৰু টেট পৰীক্ষা সন্দৰ্ভত আয়োজিত হোৱা এক সংবাদমেলত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে অহা ৩০ এপ্ৰিলত বিটিআৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব বুলি সদৰী কৰিছে।

তেওঁ উল্লেখ কৰিছে ইতিমধ্যে ৪২৭ টা পদৰ বাবে এচআইইউ অনুমোদন পোৱা হৈছে আৰু ১২১৬ টা পদ এচআইইউ অনুমোদনৰ বাবে পঠোৱা হৈছে । অতি শীঘ্ৰেই উক্ত পদসমূৰ বাবে এচআইইউ অনুমোদন পাব বুলি আশা প্ৰকাশ কৰে বিটিচআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসে ।

আনহাতে শিক্ষক বদলিকৰণৰ সন্দৰ্ভত বিটিআৰৰ কাৰ্যবাহী সদস্য তথা শিক্ষা বিভাগৰ পৰিষদীয় পৰ্যায়ৰ কমিটীৰ অধ্যক্ষ গৌতম দাসে কয় যে বিটিআৰ চৰকাৰে শিক্ষক বদলিকৰণৰ বাবে ইতিমধ্যে এখন কমিটী গঠন কৰি দিছে আৰু কমিটীয়ে সকলো বিষয় চালি-জাৰি চাই বদলিকৰণৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বাবে বিটিআৰ চৰকাৰ সাজু হৈছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শাখাত বিটিআৰ বহিৰ্ভূত এলেকাৰ পৰা ৮৭৩ জন শিক্ষকে বিটিআৰলৈ বদলি হৈ আহিবলৈ পৰ্টেলযোগে আবেদন কৰিছে ৷

আনহাতে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শাখাৰ পৰা ২২ গৰাকী শিক্ষকে বিটিআৰ এলেকাৰ পৰা বিটিআৰ বহিৰ্ভূত এলেকালৈ যাবলৈ আবেদন কৰিছে। সকলো দিশ চালি জাৰি চাই ইয়াৰে ১৯ জনক বদলিকৰণৰ বাবে এনঅচি দিয়া হ'ব ।

অৰ্থাৎ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শাখাত বিটিআৰ পৰা ১৯ গৰাকী শিক্ষক বদলি হৈ যাব আৰু ১৯ গৰাকী শিক্ষক বিটিআৰ বহিৰ্ভূত এলেকাৰ পৰা বিটিআৰলৈ আহিব । ঠিক তেনেদৰে হাইস্কুল শাখাত ৫৮ জন শিক্ষকে বিটিআৰ লৈ আহিব বিচাৰিছে আৰু ১৪০ জন শিক্ষকে বিটিআৰৰ পৰা বদলি হৈ যাব বিচাৰিছে বুলি উল্লেখ কৰি ইয়াতো বিটিআৰ লৈ আহিব বিচৰা আৰু বিটিআৰৰ পৰা যাব বিচৰা শিক্ষকৰ অনুপাত সমানুপাতিক ভাৱে মিলোৱা হৈছে আৰু সকলো চালিজাৰি চাই ১৯ জনক হে বদলিৰ এনঅ'চি দিয়া হ'ব ।

শিক্ষা ব্যৱস্থাত যাতে অসুবিধাৰ সন্মুখীন নহয় তালৈ দৃষ্টি দি বদলিকৰণৰ পদক্ষেপ লোৱা হৈছে বুলি উল্কেখ কৰি বিটিআৰ লৈ আহিব বিচৰা আৰু বিটিআৰৰ পৰা যাব বিচৰা শিক্ষকৰ অনুপাত সমানুপাতিক হ'ব লাগিব বুলি মন্তব্য কৰে । আজি অনুষ্ঠিত হোৱা সংবাদমেলত বিটিআৰৰ শিক্ষা সঞ্চালক জে পি ব্ৰহ্ম আৰু বিটিচি বিধান পৰিষদৰ মনোনিত পাৰিষদ মাধৱ ছেত্ৰীও উপস্থিত আছিল ।

Also Read: তেজপুৰৰ মৰাভৰলী নৈৰ সৌন্দৰ্যবৰ্দ্ধন আঁচনিৰ শুভাৰম্ভণি...

বিশেষ টেট