বঙাইগাঁও শোধনাগাৰ উপনগৰীত একে নিশাই ১৫ টা আৱাসত চুৰিঃ এতিয়াও চোৰৰ সম্ভেদ পোৱা নাই আৰক্ষীয়ে...

চুৰিকাণ্ড আৰু নিৰাপত্তা ব্যবস্থাক কেন্দ্ৰ কৰি বিজিআৰ শোধনাগাৰ কৰ্মচাৰী ইউনিয়নৰ ক্ষোভ প্ৰকাশ
বঙাইগাঁও শোধনাগাৰ উপনগৰীত একে নিশাই ১৫ টা আৱাসত চুৰিঃ এতিয়াও চোৰৰ সম্ভেদ পোৱা নাই আৰক্ষীয়ে...
বঙাইগাঁও শোধনাগাৰ উপনগৰীত একে নিশাই ১৫ টা আৱাসত চুৰিঃ এতিয়াও চোৰৰ সম্ভেদ পোৱা নাই আৰক্ষীয়ে...
Published on
Updated on

ডিজিটেল সংবাদ চিৰাং: চিৰাঙৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দি শনিবাৰে নিশা চোৰে ছাফাই অভিযান চলালে। এই চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হোৱাৰ ৩৬ ঘন্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে এই চুৰিকাণ্ডৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

শোধনাগাৰ উপনগৰীৰ ইতিহাসত সংঘটিত হোৱা ভয়ংকৰ চুৰিকাণ্ড আৰু উপনগৰীৰ নিৰাপত্তা ব্যৱস্থাক লৈ চৰম অসন্তুষ্টি প্ৰকাশ কৰি বিজিআৰ শোধনাগাৰ কৰ্মচাৰী ইউনিয়নে ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে, শনিবাৰ নিশা বঙাইগাঁও শোধনাগাৰ উপনগৰীত ১৫ টাকৈ আৱাসগৃহত চুৰিকাণ্ড সংঘটিত হৈছিল।

বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ ইতিহাসত সংঘটিত হোৱা এই বৃহৎ চুৰিকাণ্ডৰ পিছত বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ নিৰাপত্তা ব্যবস্থাৰ কেতবোৰ ডাঙৰ সুৰুঙা পোহৰলৈ আহিছে। বিশেষকৈ বঙাইগাঁও শোধনাগাৰ বিষয়া কৰ্মচাৰীসকলে বসবাস কৰা উপনগৰীৰ আৱাসিক এলেকাত নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিবলৈ চৌদিশে চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰিব লাগে।

কিন্তু দুৰ্ভাগ্যজনক কথা যে শনিবাৰে নিশা ১৫ টাকৈ আৱাসগৃহত চুৰিকাণ্ড সংঘটিত হোৱা এলেকাত নাছিল কোনো চিচি টিভি কেমেৰাৰ ব্যবস্থা । কিছু এলেকাত আছিল যদিও সেয়াও সক্ৰিয় নাছিল বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। অথচ বঙাইগাঁও শোধনাগাৰৰ উপনগৰীত বসবাস কৰা বিষয়া কৰ্মচাৰীসকলৰ জীৱন সম্পত্তিৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰতিবছৰে ভাৰতীয় তেল নিগমৰ পৰা বুজন পৰিমানৰ ধন আবন্টিত কৰা হয়।

কিন্তু তাৰ পিছতো কিয় উপনগৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত ইমান ডাঙৰ সুৰুঙা থাকি গ'ল বুলি এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। উপনগৰীৰ নিৰাপত্তাৰ বাবে এটা ব্যক্তিগত খণ্ডৰ নিৰাপত্তাৰ কোম্পানীৰ শতাধিক নিৰাপত্তাৰক্ষী নিয়োজিত আছে যদিও শনিবাৰৰ নিশা চুৰিকাণ্ডৰ পিছত উক্ত নিৰাপত্তা কোম্পানীৰ কামকাজৰ ফোপোলা স্বৰূপ উদঙাই দিছে।

ইপিনে উপনগৰীৰ ১৫ টাকৈ আৱাসগৃহৰ পৰা আনুমানিক ডেৰ কোটি টকা মূল্যৰ সোণৰ আ-অলংকাৰ চুৰি হোৱাৰ ২৪ ঘন্টা সময় উকলি যোৱাৰ পিছতো উক্ত চুৰিকাণ্ডৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰাত আজি বঙাইগাঁও শোধনাগাৰৰ কৰ্মচাৰী ইউনিয়নে বঙাইগাঁও শোধনাগাৰৰ পৰিচালন সঞ্চালক নয়ন কুমাৰ বৰুৱাসহ অন্যান্য শীৰ্ষ পৰ্য্যায়ৰ বিষয়াসকলৰ সৈতে মিলিত হয় আৰু অতি কম সময়ৰ ভিতৰত আৰক্ষী প্ৰশাসনৰ হতুৱাই উচ্চ পৰ্য্যায়ৰ তদন্ত তথা অনুসন্ধান চলাই এই চুৰিকাণ্ডৰ সৈতে জড়িত চক্ৰটোক আটক কৰিবলৈ আহ্বান জনায়।

কাৰণ এই সমগ্ৰ বিষয়টোৰ ওপৰত বঙাইগাঁও শোধনাগাৰৰ উপনগৰীত বসবাস কৰা বিষয়া কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ ভবিষ্যত জীৱন সম্পত্তিৰ নিৰাপত্তাৰ প্ৰশ্ন জড়িত হৈ আছে বুলি উল্লেখ কৰে। ইপিনে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই উপনগৰীৰ আৱাসিক এলেকাত বসবাস কৰা বিষয়া, কৰ্মচাৰীৰ নিৰাপত্তাৰ দিশত কিছু সুৰুঙা ৰৈ যোৱাৰ কথা স্বীকাৰ কৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈ উপনগৰীৰ নিৰাপত্তা ব্যবস্থা পূৰ্বতকৈ অধিক সুদৃঢ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে।

সামান্তৰালভাবে বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ ইতিহাস কলংকিত কৰা এই বৃহৎ চুৰিকাণ্ডৰ সৈতে জড়িত চক্ৰটোক ধৰা পেলাবলৈ স্থানীয় আৰক্ষী প্ৰশাসনৰ সহযোগত চেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উপনগৰীৰ ভিতৰচৰাৰ নিৰাপত্তাৰ দ্বায়িত্বত যদিও আৰক্ষী প্ৰশাসনৰ নাই তথাপিও এই পূৰ্বপৰিকল্পিত যেন লগা চুৰিকাণ্ড তথা চুৰিকাণ্ড সংঘটিত কৰা চক্ৰটোক ধৰা পেলাবলৈ চিৰাং আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অনুসন্ধান আৰম্ভ কৰিছে।

দেওবাৰৰ দিনটোত আৰক্ষীয়ে প্ৰথমে ডগ স্কোৱাডৰ জৰিয়তে অনুসন্ধান চলায়। আজি বিয়লিৰ ভাগত গুৱাহাটীৰ পৰা চি আই ডিৰ এটা দল আহি চুৰিকাণ্ড সংঘটিত হোৱা আৱাসিক গৃহৰ পৰা অত্যাধুনিক যন্ত্ৰ পাতিৰ সহায়ত ফৰেনচিক নমুনা সংগ্ৰহ কৰি লৈ যায়।

কাজলগাঁও থানাৰ আৰক্ষীয়ে দেওবাৰৰ পৰা আজিলৈকে সোধপোছৰ বাবে ছগৰাকী লোকক আটক কৰা বুলি জানিব পৰা গৈছে। একে নিশাই শোধনাগাৰ উপনগৰীৰ ১৫ টাকৈ আৱাসগৃহত চুৰিকাণ্ড সংঘটিত হোৱাৰ পিছত উপনগৰীত বসবাস কৰা বিষয়া কৰ্মচাৰী তথা পৰিয়াল বৰ্গৰ মাজত বিজিআৰ কৰ্তৃপক্ষৰ ভূমিকাক লৈ অসন্তুষ্টি বিৰাজ কৰিছে।

বঙাইগাঁও শোধনাগাৰ উপনগৰীত একে নিশাই ১৫ টা আৱাসত চুৰিঃ এতিয়াও চোৰৰ সম্ভেদ পোৱা নাই আৰক্ষীয়ে...
লখৌজানত গাড়ীৰ টেংকী বনোৱা কাৰখানাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগঃ দুই সাংবাদিকে গোচৰ দিলে আৰক্ষীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in