ডিজিটেল সংবাদ, চিৰাং : চিদলী আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি চিৰাং জিলাৰ এখন বিলাসবহুল হোটেলে বিশেষভাৱে চৰ্চা লাভ কৰিছে । কাৰণ হোটেলৰ ভিতৰচ'ৰাৰ পৰাই নিয়ন্ত্ৰণ হৈ আছে ৩১ নং চিদলী আৰু ৩২ নং চিদলী বিধানসভাৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ ৰণনীতি ।
কাৰণ ৰাজ্যৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছৰে পৰাই উক্ত হোটেলত আহি বাহৰ পাতিছে শাসক - বিৰোধী দলৰ নেতা- মন্ত্ৰীসকলে । ৰাতিপুৱাৰ পৰা নিশালৈকে হোটেলৰ বাহিৰে ভিতৰে ভিৰ কৰা পৰিলক্ষিত হৈছে কেইবাজনো কেবিনেট মন্ত্ৰী, বিধায়ক, বিৰোধী দলৰ নেতা, পালিনেতাসকল।
ঘনে ঘনে চাইৰেনৰ শব্দ কৰি হোটেলত আহি উপস্থিত হৈছে নেতা মন্ত্ৰীৰ বিশাল কনভয় । ফলত কিছু সময়ৰ বাবে হোটেলৰ সন্মুখভাগত ঠাই নোহোৱা হৈ পৰে নেতা মন্ত্ৰীসকলৰ বিলাসী বাহন ৰাখিবলৈ । তাৰ মাজতেই হোটেলৰ বাহিৰত শাসক বিৰোধী দলৰ নেতা মন্ত্ৰীৰ লগত সাক্ষাৎ কৰিবলৈ অহা সাধাৰণ জনতাই ভিৰ কৰাও দেখিবলৈ পোৱা যায়।
তাৰে কোনোবাই সাক্ষাৎ লাভ কৰিছে, কোনোবাই আকৌ বিমুখ হৈ উভতি যাব লগা হৈছে । মুঠৰ ওপৰত চিদলী আৰু বঙাইগাঁও সমষ্টিৰ এই উপ-নিৰ্বাচনৰ সময়ছোৱাত বিশেষ চৰ্চা লাভ কৰা হোটেলখন হৈছে চিৰাং জিলাৰ চাপাগুৰীস্থিত হোটেল ছিগনেট ।
যিখন হোটেলত দিনে নিশাই শাসকীয় এনডিএ মিত্ৰজোঁটে যদি ঘনে ঘনে অনুষ্ঠিত হৈছে বৈঠক তাৰ বিপৰীতে পিচপৰি থকা নাই বিৰোধী দল কংগ্ৰেছ । উক্ত হোটেলৰ সভাগৃহত শাসক - বিৰোধী দুয়োদলৰ নেতা মন্ত্ৰীসকলে পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰি প্ৰস্তুত কৰিছে নিৰ্বাচনী প্ৰচাৰৰ ৰণকৌশল।
চাপাগুৰীৰ এই হোটেল ছিগনেটত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰে পৰা বাহৰ পাতি আছে ৰাজ্যৰ কেবিনেট মন্ত্ৰী অশোক সিংহল। পৰবৰ্তী সময়ত হোটেলত আগমন ঘটে কেবিনেট মন্ত্ৰী যোগেন মোহন, কেবিনেট মন্ত্ৰী নন্দিতা গাৰ্লোছা, কেবিনেট মন্ত্ৰী ডাঃ ৰণোজ পেগু, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক নৱ দলে ।
আনপিনে বিৰোধী দল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেতা পৃথিৰাজ সাঠে, সাংসদ প্ৰদ্যুৎ বৰদলৈ, চিদলী সমষ্টিৰ উপ-নিৰ্বাচনৰ তত্ত্বাবধায়ক তথা বিধায়ক জাকিৰ হুচেইন শিকদাৰ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কন্দৰ্প কলিতাই হোটেল ছিগনেটত বাহৰ পাতি আছে । ইউপিপিএল দলৰ কোনো নেতা মন্ত্ৰী উক্ত হোটেলত নেথাকিলেও প্ৰয়োজনত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বিধায়ক ল'ৰেন্স ইশ্লাৰী, বিজেপিৰ বিধায়ক অজয় কুমাৰ ৰায় হোটেল ছিগনেটত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ।
ইপিনে হোটেলৰ কৰ্মচাৰীসকলেও নিৰ্বাচনী প্ৰচাৰৰ বাবে হোটেলত নিশাযাপন কৰা ৰথী মহাৰথীসকলৰ আলপৈচানত সদা ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে । মুঠৰ ওপৰত চিদলী আৰু বঙাইগাঁও সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত অহা নেতা মন্ত্ৰীসকলৰ এপি চেন্টাৰত পৰিণত হৈছে চিৰাঙৰ চাপাগুৰীস্থিত হোটেল ছিগনেট।