চিৰাং সত্ৰ ন্যায়াধীশ আদালতে ৬ জনক দিলে যাৱজ্জীৱন কাৰাদণ্ড, ১০ হাজাৰৰ জৰিমণা...

২০১৮ ডাইনীৰ সন্দেহত হত্যা কৰিছিল এজন নিৰীহ লোকক
চিৰাং সত্ৰ ন্যায়াধীশ আদালতে ৬ জনক দিলে যাৱজ্জীৱন কাৰাদণ্ড, ১০ হাজাৰৰ জৰিমণা...
চিৰাং সত্ৰ ন্যায়াধীশ আদালতে ৬ জনক দিলে যাৱজ্জীৱন কাৰাদণ্ড, ১০ হাজাৰৰ জৰিমণা...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: অন্ধবিশ্বাসৰ কৱলত পৰি ডাইনীৰ সন্দেহত হত্যাকাণ্ড সংঘটিত কৰা ছয় অভিযুক্তৰ বিৰুদ্ধে চিৰাং সত্ৰ ন্যায়াধীশ আদালতৰ দৃষ্টান্তমূলক ৰায়দান। চিৰাং জিলাৰ ভাৰত-ভূটান শৰৎ নাৰ্জাৰী (৪৫) নামৰ এজন নীৰিহ ব্যক্তিক ডাইনী সন্দেহত নৃশংস ভাবে হত্যা কৰাৰ অপৰাধত অভিযুক্ত দুগৰাকী মহিলাসহ মুঠ ৬ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰূপক কুমাৰ ৰজকৰ আদালতে।

কাৰাদণ্ডৰে দণ্ডিত কৰা অভিযুক্ত কেইগৰাকী ক্ৰমে সৌমলা বৰগয়াৰী, উকিল বসুমতাৰী, প্ৰসেনজিৎ বৰগয়াৰী, কাচিৰাম বৰগয়াৰী, ৰেবেকা ওৱাৰী ওৰফে ওৰ্গে ওৱাৰী আৰু গৌছৌম ওৱাৰী। ইয়াৰে বিচাৰ প্ৰক্ৰিয়া চলাকালীন আন এজন অভিযুক্ত হকে বৰগয়াৰীৰ মৃত্যু হৈছে।

আদালতে ৰায়দানত প্ৰত্যেকগৰাকী আচামীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে দহ হেজাৰ টকাৰ জৰিমনা কৰে। লগতে জৰিমনা অনাদায়ে অতিৰিক্ত তিনিমাহৰ কাৰাদণ্ড ঘোষণা কৰে।

উল্লেখ যে যোৱা ২০১৮ চনত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত দাক্ষিনগাঁৱৰ শৰৎ নাৰ্জাৰী (৪৫) নামৰ এজন নীৰিহ লোকক উক্ত গাঁৱৰে ৭ গৰাকী অন্ধবিশ্বাসী লোকে ডাইনীৰ সন্দেহত ঘৰৰ পৰা এক কিলোমিটাৰ আঁতৰত জঙ্ঘলত নৃশংস ভাবে মাৰধৰ কৰিছিল।

পিছত খবৰ লাভ কৰি আৰক্ষীৰ লোকে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে মৃত্যুক সাবতি লৈছিল বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে চৰকাৰী পক্ষৰ অধিবক্তা নন্দিতা বসুমতাৰীয়ে।

চিৰাং সত্ৰ ন্যায়াধীশ আদালতে ৬ জনক দিলে যাৱজ্জীৱন কাৰাদণ্ড, ১০ হাজাৰৰ জৰিমণা...
ভাৰত ভ্ৰমণলৈ যোৱা পাঠশালাৰ তীৰ্থ যাত্ৰী মহা বিপদতঃ ৪৯ জনৰ ১২ জনেই অসুস্থ, এজনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in