২০২৬ ত মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰাঃ কংগ্ৰেছৰ যোগদান সভাত গৰ্জন মুছাহাৰীৰ ঘোষণা...

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰচাৰ আৰম্ভ বুলি ঘোষনা ভূপেন বৰাৰ
২০২৬ ত মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰাঃ কংগ্ৰেছৰ যোগদান সভাত গৰ্জন মুছাহাৰীৰ ঘোষণা...
২০২৬ ত মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰাঃ কংগ্ৰেছৰ যোগদান সভাত গৰ্জন মুছাহাৰীৰ ঘোষণা...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং : ২০২৬ ত অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ মুখ হ'ব ভূপেন বৰা। আজি চিৰাঙৰ খুংক্ৰাঝোৰাত কংগ্ৰেছ দলৰ যোগদান সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব বুলি দাবী কৰিছে কংগ্ৰেছ নেতা গৰ্জন মুছাহাৰীয়ে।

চিৰাং জিলাৰ খুংক্ৰাঝোৰাত কংগ্ৰেছৰ দলীয় যোগদান সভাত কংগ্ৰেছৰ নেতা তথা বিগত লোকসভা নিৰ্বাচনৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰ্জন মুছাহাৰীয়ে ভাষনত অহা ২০২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয় নিশ্চিত বুলি দাবী কৰে। তেওঁ কয় ২০২৬ ত অসমৰ মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰা।

কেৱল সেয়াই নহয়, ভূপেন বৰা মুখ্যমন্ত্ৰী হোৱাৰ পিছত যাতে চিৰাঙৰ এই পিছপৰা অঞ্চলৰ কথা নাপাহৰে, দুখীয়া দৰিদ্ৰ লোকৰ হকে উন্নয়নৰ কাম কৰি যোৱাৰো আহ্বান জনালে মুছাহাৰীয়ে। তেওঁৰ এনে মন্তব্যৰ সন্দৰ্ভত পাছত সাংবাদিকে কৰা প্ৰশ্নত ভূপেন বৰাই কয়, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয় নিশ্চিত। মুখ্যমন্ত্ৰী কোন হ'ব সেয়া দুই তিনিদিনৰ ভিতৰতে ৰাইজে গম পাবই।

তেওঁ বিজেপিক কটাক্ষ কৰি কয় বিজেপি দলৰ দৰে অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিৰ্ধাৰণ কৰিবলৈ সাতদিন সময় নেলাগিব। অৱশ্যে বৰাই সাংবাদিকৰ সন্মুখতে গৰ্জন মুছাহাৰীক তেনে কথা ৰাজহুৱা ক'ব নালাগিছিল বুলিও কয়।

উল্লেখ্য, চিৰাং জিলাৰ ৩১ নং চিদলী বিধানসভাৰ অন্তৰ্গত খুংক্ৰাঝোৰাত কংগ্ৰেছ দলৰ দলীয় যোগদান সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰা। আজিৰ সভাৰ মাজেদি কংগ্ৰেছ দলে ৩১ নং চিদলী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিলে বুলি ভূপেন বৰাই ঘোষনা কৰে।

কংগ্ৰেছ দলে ইতিমধ্যেই চিদলী বিধানসভাৰ সমষ্টিৰ উপ-নিৰ্বাচনৰ দায়িত্ব অৰ্পণ কৰিছে কংগ্ৰেছৰ বিধায়ক তথা সাংগঠনিক সম্পাদক জাকিৰ হুছেইন শিকদাৰক।তেওঁৰ নেতৃত্বত এখন কমিটি ইতিমধ্যেই গঠন কৰা হৈছে বুলিও সদৰী কৰে।

আজিৰ দলীয় যোগদান সভাত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত বিভিন্ন দলৰ পৰা ৫৫ গৰাকী লোকে আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে। যোগদান সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে।

তেখেতে কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিগত নিৰ্বাচনৰ সময়ত বিটিআৰত আহি ৰাইজৰ আগত কৈছিল বিটিচিৰ উন্নয়নৰ নামত যিমান টকা আহিছিল সেই টকা হাগ্ৰামা মহিলাৰী খায়। তাৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে প্ৰত্যুত্তৰত কৈছিল বিটিচিৰ কাৰণে যিমান টকা আহিছিল তেওঁহেনো অকলে খোৱা নাছিল তাৰে আধা টকা দিছপুৰত বহি ড০ হিমন্ত বিশ্ব শৰ্মায়ো খাইছিল। এতিয়া বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়, তেওঁ হেনো হাগ্ৰামা মহিলাৰীৰ দৰে টকা খোৱা নাই। সামান্য টকাহে খাইছে বুলি কৈ প্ৰমোদ বড়োকো সমালোচনা কৰে ।

বিটিআৰৰ উন্নয়ৰ ধন শৰাধ কৰি একাংশ বিজেপি-ইউপিপিএলৰ নেতাই টকাৰ বিচনাত কিদৰে শুৱে সেয়া ৰাইজে দেখি আছে। তাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে এইসকল দুৰ্নীতিগ্ৰস্থ নেতাৰ বিৰুদ্ধে কোনো ধৰনৰ ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলিও কয় বৰাই।

বৰ্তমান সময়ত বিটিআৰৰ দুই ৰাজনৈতিক দল ইউপিপিএল আৰু বিপিএফ দলৰ অস্তিত্ব এতিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই পৰিছে বুলিও তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ভূপেন বৰাই। তেওঁ কয়, এই দল দুটাৰ কোনোবাই কিবা অলপ হেৰফেৰ কৰিলেই তেওঁলোকৰ পিছত ইডি নাইবা চিবিআই লগাই দিব হিমন্ত বিশ্ব শৰ্মাই। গতিকে হিমন্তই বিটিআৰত ভয় দেখুৱাই দুৰ্নীতিৰ ৰাজনীতি কৰি আছে বুলি অভিযোগ কৰে ভূপেন বৰাই।

বৰাই কয়, আমি এই দুৰ্নীতি অবিচাৰৰ পৰা বিটিআৰৰ ৰাইজক উদ্ধাৰৰ চেষ্টা কৰি আছো। সেয়ে আগন্তুক চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোটদান কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনায় ।

আজিৰ এই যোগদান সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে বিধায়ক জাকিৰ হুচেইন শিকদাৰ, প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰী, চিদলীৰ প্ৰাক্তন বিধায়ক আন্দ্ৰিয়াছ হাজোৱাৰী, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সকল কন্দৰ্প দাস, জোতিৰ্ময় বৈশ্য, খলিলুৰ ৰহমান, গৰ্জন মুচাহাৰী, আনোৱাৰ আহমেদ, চিৰাং জিলা কংগ্ৰেছৰ পৰ্যৱেক্ষক ৰমন ঝা, চিৰাং জিলা কংগ্ৰেছৰ সভাপতি সঞ্জীৱ ওৱাৰী উপস্থিত থাকে ।

২০২৬ ত মুখ্যমন্ত্ৰী হ'ব ভূপেন বৰাঃ কংগ্ৰেছৰ যোগদান সভাত গৰ্জন মুছাহাৰীৰ ঘোষণা...
অসম চৰকাৰ বিৰুদ্ধে সংবিধান উলংঘনৰ অভিযোগ বিশ্বজিৎ দৈমাৰীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in