ডিজিটেল সংবাদ, চিৰাং: ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমদিনত কাজলগাঁওস্থিত চিৰাং জিলা প্ৰেছ ক্লাৱত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা চিদলী বিধানসভা সমষ্টিৰ তত্বাৱধায়ক বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ সংবাদ মেল। সংবাদ মেলত ৩১ নং চিদলী বিধানসভা সমষ্টিত দুটা দশকৰ পিছত জাতীয় কংগ্ৰেছ দলৰ পৰা সঞ্জীৱ ৱাৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ।
১৩ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগা উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীক ভোটদান কৰিবলৈ ভোটৰ ৰাইজক আহ্বান জনায়। সংবাদ মেলত বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় বিটিআৰ এলেকাত ইমান দিনে বিপিএফ আৰু ইউপিপিএল দলে ভোটাৰসকলক এটা চিণ্ডিকেটৰ মাজত সোমাই ৰাখি ৰাজনীতি কৰি আছিলে।
বিটিআৰ এলেকাত যাতে আন ৰাজনৈতিক দলে দলীয় কামকাজ কৰিব নোৱাৰে তাৰ বাবে বিপিএফৰ হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএল দলৰ প্ৰমোদ বড়োই একেলগে বাধা প্ৰদান কৰাৰ কাম কৰি আছে। বিটিআৰৰ ভোটাৰসকলে যাতে নিজৰ স্বাধীন মতে ভোটদান কৰাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে কংগ্ৰেছ দলে কাম কৰাৰ মানসিকতাৰে কাম কৰিব।
বিটিআৰ এলেকাৰ ৰাইজৰ বিভিন্ন দুখ, দুৰ্দশা আঁতৰ কৰিবলৈ কাম কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছ দলে দিছে। দেশৰ গণতন্ত্ৰ ব্যৱস্থা জীয়াই ৰখাৰ হকে কংগ্ৰেছ দলে কাম কৰিব । বিজেপিৰ দলক অসমৰ পৰা দিয়াৰ বাবে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে আৰু ২০২৬ চনত বিজেপি দলৰ বিৰুদ্ধে ভোটদান কৰি কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰিব। সেই বাৰ্তাৰে অসমৰ ৰাইজে চিদলী সমষ্টিবাসী ৰাইজক আহ্বান জনাইছে ।
চিদলী সমষ্টিত বিজেপি দলে দুটা ৰাজনৈতিক দলৰ লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তাৰে ইউপিপিএল দলক পোনপটিয়াকৈ লগত লৈছে আৰু বিপিএফ দলক প্ৰত্যক্ষ ভাবে লৈ কাম কৰি আছে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক লক্ষ্য কৰিও মন্তব্য কৰে ।
হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ লগত সম্পৰ্ক নাই বুলি ৰাইজৰ আগত কয় কিন্তু তলে তলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আছে বুলিও তেওঁ অভিযোগ কৰে।
Also Read: ২০২৬ত বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই আমি পাম ২০খন আসনঃ শিৱসাগৰত অখিল গগৈৰ দাবী...