ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ দামৰাপাৰা নিৱাসী তথা ব্যৱসায়ী নাৰায়ন দে'ক(৪২) বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ জে . কোচৰ আদালতে ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । ইয়াৰোপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড বিহিছে জে . কোচৰ আদালতে ।
উল্লেখ্য যে ভুক্তোভোগীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা মনজিৎ ঘোষে সদৰি কৰা মতে অভিযুক্ত নাৰায়ন দে' ২০১৯ চনত তেওঁৰ পত্নীৰ নাবালিকা ভতিজীক বনকৰা হিচাপে নিজ ঘৰত ৰাখিছিল । কিন্তু অভিযুক্তই নাবালিকা ছোৱালীজনীৰ সতে অবৈধ সম্পৰ্ক গঢ়ি তোলে আৰু যাৰ পৰিণতিত নাবালিকা ছোৱালীগৰাকী গৰ্ভৱতী হয় ।
পিছত নাবালিকা গৰাকীয়ে এটি সন্তানো জন্ম দিয়ে । উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গোসাঁইগাঁও থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰ মৰ্মে গোসাঁইগাঁও থানাত এক গোচৰ (নং ১১৮/১৯) ৰজু হয় ।
সুদীৰ্ঘ দিনৰ পিছত আজি জে কোচৰ বিশেষ আদালতে পকচো আইনৰ ৬ নং ধাৰা মৰ্মে এক গুৰুত্বপুৰ্ণ ৰায়দান প্ৰদান কৰি অভিযুক্ত ব্যৱসায়ী নাৰায়ন দে'ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহিছে । তদুপৰি জৰিমনা অনাদায়ে অতিৰিক্তভাৱে এবছৰ কাৰাৱাস খাটিব লাগিব বুলি স্পষ্ট কৰি দিয়ে আদালতে।
Also Read: ৰাহুলৰ 'ফ্লাইং কিছ' সন্দৰ্ভত লোকসভাৰ অধ্যক্ষলৈ শাসকীয় পক্ষৰ পত্ৰ! কংগ্ৰেছ ক'লে...