ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ কাজলগাঁৱত দুৰ্গাপূজা সমিতি সকলোৰ মাজত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আগবঢ়োৱা আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয়। চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত কাজলগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু জিলা আয়ুক্ত যতীন বৰাই কাজলগাঁও মহকুমাৰ অন্তৰ্গত ৪২ খন দুৰ্গাপূজা সমিতিৰ বিষয়ববীয়াসকলৰ হাতত দহ হেজাৰ টকাকৈ চেক বিতৰণ কৰে।
উল্লেখ্য যে, এইবেলি জিলাৰ কাজলগাঁও আৰু বিজনী মহকুমা মিলি মুঠ ১২১ খন দুৰ্গাপূজা অনুষ্ঠিত হ'ব।আজি চেক বিতৰণ কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, দুৰ্গা পূজা হৈছে আমাৰ ভাৰতীয় পৰম্পৰাগত সংস্কৃতিৰ এটা অংশ। আমাৰ এই পৰম্পৰাগত সংস্কৃতি ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সবৰে। সেয়ে গোটেই ৰাজ্যখনত দুৰ্গাপূজা অনুষ্ঠিত কৰা পূজা সমিতিবোৰে যাতে কোনো আৰ্থিক সংকটত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই বিগত দুটা বছৰ ধৰি ৰাজ্যৰ প্ৰতিখন দুৰ্গাপূজা সমিতিক দহ হেজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াই আহিছে।
এই দুৰ্গাপূজাৰ সময়ত পূজা সমিতি বোৰে যাতে প্ৰশাসনৰ পৰা বান্ধি দিয়া নীতি নিয়ম অনুসৰণ কৰি শান্তি শৃংখলা বজাই ৰাখি সুকলমে পূজা অনুষ্ঠিত কৰে তাৰ বাবে সকলো পক্ষকে আহ্বান জনায় ।
Also Read: অখিল, লুৰীণে কথাবোৰ নতুনকৈ ভাবিবনে?