বাসুগাঁৱত ম্যাদ উকলি যোৱা শিশু খাদ্য বিতৰণ...

বাসুগাঁৱত ম্যাদ উকলি যোৱা শিশু খাদ্য বিতৰণ...

শিশু আৰু প্ৰসূতি মহিলাক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত পোহৰলৈ আহিছে ভয়ংকৰ কাণ্ড
Published on

ডিজিটেল সংবাদ,চিৰাং : চিৰাঙৰ বাসুগাঁৱত চৰকাৰীভাৱে যোগান ধৰা শিশু খাদ্য বিতৰণৰ নামত এগৰাকী অঙ্গনৱাড়ী কৰ্মীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাসুগাঁও চহৰৰ চাৰি নং ৱাৰ্ডৰ পশ্চিম গোগলাপাৰাৰ অঙ্গনৱাড়ী কেন্দ্ৰৰ কৰ্মীজনীয়ে শিশু আৰু প্ৰসূতি মহিলাক পুষ্টিকৰ খাদ্য যোগান ধৰাৰ নামত ম্যাদ উকলি যোৱা শিশুখাদ্য বিতৰণ কৰে ।

চলিত বৰ্ষৰ জুলাই মাহতে ম্যাদ উকলি যোৱা ইনষ্টেণ্ট দাইল খিচিৰী নামৰ এটি শিশু খাদ্যৰ পেকেটৰ খাদ্য খাই এটি ছবছৰীয়া শিশু অসুস্থ হৈ পৰিছে এগৰাকী মাতৃয়ে অভিযোগ উত্থাপন কৰে । মাতৃগৰাকীয়ে সদৰী কৰা মতে বুধবাৰে নিমাতী ৰায় নামৰ অঙ্গনৱাড়ী কৰ্মীগৰাকীয়ে মাতৃৰ অনুপস্থিতিত তাইৰ শিশু পুত্ৰক চৰকাৰীভাৱে যোগান ধৰা ইনষ্টেণ্ট দাইল খিচিৰী নামৰ দুটা শিশু খাদ্যৰ পেকেট দি পঠাইছিল।

নিশা শিশটিৰ মাতৃক সেই খাদ্য বনাই দিবলৈ দিবলৈ খাটনি ধৰাত মাতৃয়ে বনাই দিছিল। আৰু সেই খাদ্য খোৱাৰ পিছত প্ৰথমতে শিশুটিৰ পেটৰ বিষ অনুভৱ কৰে পিছত পাতল শৌচ কৰাৰ লগতে বমি কৰি শিশুটি অসুস্থ হৈ পৰে ।

পিছত পিতৃৰ সন্দেহ ওপজাত শিশু খাদ্যৰ পেকেটটোত লিখা তাৰিখ লক্ষ্য কৰাত বিগত জুলাই মাহতে ম্যাদ উকলি যোৱাটো নিশ্চিত হয় । তাৰ পিছত নিশাৰ ভাগতেই চিকিৎসকৰ পৰা পৰা লৈ ঔষধ খুৱাই দিয়াৰ পিছত শিশুটি কিছু সুস্থ হয়।

মাতৃগৰাকীৰ অভিযোগ অঙ্গনৱাড়ী কেন্দ্ৰৰ পৰা যোগান ধৰা শিশু খাদ্য দিয়াৰ পিছত সাধাৰণতে গৃহিণী বা মাতৃ সকলে দিন তাৰিখ সিমান পৰীক্ষা নকৰে, তেনেক্ষেত্ৰত অঙ্গনৱাড়ী কৰ্মীয়ে সেই বিষয়টো লক্ষ্য ৰাখি শিশু খাদ্য বিতৰণ কৰিব লাগে।

চিদলীৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ অঙ্গনৱাড়ী কৰ্মী নিমাতী ৰায়ৰ বিৰুদ্ধে জানি বুজি ম্যাদ উকলি যোৱা শিশুখাদ্য বিতৰণ কৰিছে বুলি অঞ্চলটোৰ অভিভাৱক লগতে বাসিন্দা সকলে অভিযোগ উত্থাপন কৰে । ইপিনে ম্যাদ উকলি যোৱা শিশু খাদ্য গ্ৰহণ কৰি শিশু অসুস্থ হৈ পৰা ঘটনাক কেন্দ্ৰ কৰি আজি বাসুগাঁও চহৰৰ চাৰি নং ওৱাৰ্ডৰ পশ্চিম গোগলাপাৰাত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

একাংশ ক্ষুদ্ধ অভিভাৱকে ম্যাদ উকলি যোৱাৰ শিশুখাদ্যৰ পেকেট সমূহ ৰাস্তাৰ ওপৰত পেলাই দি প্ৰতিবাদ সাব্যস্ত কৰে । ম্যাদ উকলি যোৱা শিশু খাদ্য কিয় বিতৰণ কৰিলে এই সন্দৰ্ভত অঙ্গনৱাড়ী কৰ্মী নিমাতী ৰায়ক প্ৰশ্ন কৰে।

তেঁও প্ৰথমাৱস্থাত ম্যাদ উকলি যোৱা খাদ্যৰ পেকেট খুজি খুজি লৈ গৈছিল বুলি ক'ব খোজে যদিও উপস্থিত অভিভাৱকসকলে উভতি ধৰাত অঙ্গনৱাড়ী কৰ্মীজনে নিজৰ ভুল স্বীকাৰ কৰে। লগতে আগলৈ এনেধৰণৰ ভুল নহয় বুলি ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বাসুগাঁৱত ম্যাদ উকলি যোৱা শিশু খাদ্য বিতৰণ...
সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে সমগ্ৰ বিটিআৰত ধাৰাবাহিক প্ৰতিবাদ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in