ডিজিটেল সংবাদ, কোকৰাঝাৰ : ড° ভূপেন হাজৰিকা স্মাৰক সমিতি, কোকৰাঝাৰৰ উদ্যোগত আৰু বিটিচি প্ৰশাসনৰ পৃষ্ঠপোষকতাত দেওবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু দিৱস উদযাপনৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আজি কোকৰাঝাৰত আন্তঃ বিটিআৰ ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।
কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা প্ৰতিযোগিতাখনিৰ আৰম্ভণিৰ পূৰ্বে ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পৌৰপতি প্ৰতিভা ব্ৰহ্মই । ইয়াৰ পিছতে বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োই প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।
উদ্বোধন কৰি বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে বিটিআৰত প্ৰথমবাৰৰ বাবে বিটিআৰ ভিত্তিত আয়োজন কৰা ড° ভূপেন হাজৰিকাৰ কাৰ্যসূচীক লৈ সন্তোষ প্ৰকাশ কৰে আৰু আয়োজক সমিতিক ধন্যবাদ জ্ঞাপন কৰে। বড়োই কয় যে বিটিচি চৰকাৰৰ উদ্যোগত বিটিআৰত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপন হোৱাটো খুবেই গৌৰৱৰ কথা আৰু ইয়ে প্ৰমাণ কৰে যে বিটিআৰত সকলো জাতি জনগোষ্ঠীয়ে সমিলমিলিৰে বসৱাস কৰি আছে আৰু সকলোকে সমভাৱাপন্ন দৃষ্টিৰে চোৱা হয় ।
উক্ত প্ৰতিযোগিতাখনিত ১০০ ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা কথাও অৱগত কৰে। ইয়াৰ উপৰি কোকৰাঝাৰত অনুষ্ঠিত অনুষ্ঠানটিৰ সফলতা কামনা কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে।
ইপিনে ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু দিৱস উপলক্ষে বিটিআৰ এলেকাৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত অসমীয়া আৰু বড়ো ভাষাত "ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতি " শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইতিমধ্যে প্ৰতিযোগিতাখনিৰ ফলাফল ঘোষণা কৰা বুলি আয়োজক সমিতিয়ে জনায় ।
সাহিত্য আৰু স্মৰণিকা উপ সমিতিৰ সভাপতি ড° ই।ন্দিৰা বড়ো আৰু সম্পাদক ড° বিন্দু ভূষণ বৰাই সদৰী কৰা মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, টিহু কলেজ আৰু তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৬জন শিক্ষক তথা বিচাৰকে ফলাফল ঘোষণা কৰিছে।
ঘোষিত ফলাফল অনুসৰি অসমীয়া ভাষাৰ ৰচনাৰ উচ্চ শাখাত প্ৰথম স্থান লাভ কৰিছে নৱমী বৰ্মন (কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়)। একেদৰে দ্বিতীয় স্থান ভাগ্যশ্ৰী বৰা (চিআইটি, কোকৰাঝাৰ) আৰু তৃতীয় স্থান মুনমী দাসে (বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ) লাভ কৰিছে।
আনহাতে নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে নিয়ৰ নিৰিবিলি বৰা (ডনবস্কো হায়াৰ ছেকেণ্ডেৰী স্কুল, কোকৰাঝাৰ)। দ্বিতীয় স্থান অনন্যা কাশ্যপ ৰায় (শংকৰদেৱ শিশু নিকেতন, শক্তি আশ্ৰম) আৰু তৃতীয় স্থান প্ৰিয়ংকা কাশ্যপে (দ্য ৰিয়েলিটী পাব্লিক স্কুল, চান্দামাৰি, কোকৰাঝাৰ) লাভ কৰে।
একেদৰে বড়ো ভাষাৰ উচ্চ শাখাত প্ৰথম স্থান লাভ কৰে দৈমাচা ব্ৰহ্ম (বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ)। দ্বিতীয় স্থান ৰোজোমছুলী নাৰ্জাৰী (গাৰ্লছ কলেজ কোকৰাঝাৰ) আৰু তৃতীয় স্থান কিমি বসুমতাৰী (গাৰ্লছ কলেজ কোকৰাঝাৰ)।
প্ৰতিযোগিতাৰ নিম্ন শাখাত প্ৰথম স্থান লাভ কৰে- দিহামোন্থি বড়ো (অক্জিলিয়াম ইংলিছ মেডিয়াম স্কুল কোকৰাঝাৰ)। দ্বিতীয় স্থান বিৰখাং বসুমতাৰী (উমানন্দ ব্ৰহ্ম গজৌ ফৰাইচালি, কোকৰাঝাৰ) আৰু তৃতীয় স্থান ৰোহিত মোছাহাৰীয়ে (ডনবস্কো হায়াৰ ছেকেণ্ডেৰী স্কুল, কোকৰাঝাৰ) লাভ কৰে।
উল্লেখযোগ্য যে অহা ৫ নৱেম্বৰত কোকৰাঝাৰ নগৰৰ মাজমজিয়াত দিনৰ ১০-০০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি উন্মোচন অনুষ্ঠানৰ মুকলি সভাত স্থানপ্ৰাপ্তসকলক ক্ৰমে ৫০০০ টকা, ৪০০০টকা আৰু ৩০০০ টকাৰ লগতে কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হ’ব। লগতে মানপত্ৰ প্ৰদান কৰা হ'ব বুলিও সদৰী কৰিছে সাহিত্য আৰু স্মৰণিকা উপ সমিতিৰ সভাপতি ড° ইন্দিৰা বড়ো আৰু সম্পাদক ড° বিন্দু ভূষণ বৰাই ।
আনহাতে উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ সদৰ চহৰৰ জিলা উপায়ুক্ত বাসভৱনৰ সমীপত অহা ৫ নৱেম্বৰত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কোকৰাঝাৰত ড° ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ৱ প্ৰতিমূৰ্তি উন্মোচন কৰিব বুলি উদ্যোক্তাই জনায়।
Also Read: বটীয়ামাৰীৰ ভাইটিকা উৎসৱত সাংসদ গৌৰৱ গগৈ