ডিজিটেল সংবাদ কোকৰাঝাৰঃ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ লগতে ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তৰ্ভুক্তি কৰণৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনৰ নিৰ্বাচনী বিভাগে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত হোৱা এক সংবাদমেলত জিলা আয়ুক্ত মাছান্দা মেগ্ডলীন পাৰ্টিনে এই বিষয়ে সদৰি কৰি কয় যে আজি ২৯ অক্টোবৰৰ দিনা সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰাৰ উপৰিও আজিৰ তাৰিখতে দাবী তথা আপত্তি দৰ্শাব লাগিব।
তাৰোপৰি নতুন প্ৰজন্মৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে আগন্তুক ৯,১০,১৬ আৰু ১৭ নৱেম্বৰত বিশেষ প্ৰচাৰ অভিযান চলোৱা হ'ব বুলি জিলা আয়ুক্ত পাৰ্টিনে সংবাদ মেলত সদৰি কৰাৰ লগতে অহা ২৪ ডিচেম্বৰত দাবী তথা আপত্তি নিষ্পত্তিকৰণ কৰা হ'ব।
২০২৫ চনৰ ১ জানুৱাৰীত যদিহে কোনোবাই ১৮ বছৰ সম্পূৰ্ণ কৰে তেন্তে এই অভিযানৰ সময়চোৱাতে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু অহা ৬ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব বুলি আয়ুক্ত পাৰ্টিনে সদৰী কৰিছে।
উল্লেখযোগ্য সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কোকৰাঝাৰ জিলাত পাঁচটা বিধান সভা সমষ্টি ক্ৰমে ১ নং গোঁসাইগাঁও , ২ নং দোতমা (জনজাতি), ৩ নং কোকৰাঝাৰ (জনজাতি), ৪ নং বাওখুংগ্ৰী আৰু ৫ নং পৰ্বতঝোৰাৰ ২০২৪ চনৰ ১৯ এপ্ৰিলত প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাৰ তুলনাত আজি প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা মৰ্মে ১ নং গোঁসাইগাঁও সমষ্টিত ৩০২ গৰাকী, ২ নং দোতমা (জনজাতি) সমষ্টিত ১০৮৪ গৰাকী ভোটাৰ, ৩ নং কোকৰাঝাৰ (জনজাতি )সমষ্টিত ১৪৯৬ গৰাকী ভোটাৰ, ৪ নং বাওখুংগ্ৰী সমষ্টিত ১৫১২ গৰাকী ভোটাৰ আৰু ৫ নং পৰ্বতঝৰা সমষ্টিত ৬৬২ গৰাকী অৰ্থাৎ সৰ্বমুঠ ৫০৫৬ গৰাকী ভোটাৰ বৃদ্ধি পাইছে।
জিলা আয়ুক্ত পাৰ্টিনে এয়া শুভলক্ষণ বুলি উল্লেখ কৰি তেওঁ কোনোবা যদি এতিয়াও ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাই তেন্তে শীঘ্ৰে তেওঁক নিজৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহবান জনায় ।
আনহাতে উক্ত সংবাদ মেলত উপস্থিত থকা কোকৰাঝাৰ নিৰ্বাচনী বিষয়া কেশৱানন্দ টাইডে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা বাবে সকলো ভোটাৰকে পূৰ্বৰ ভোটাৰ কাৰ্ডখনৰ পৰিবৰ্তে নতুন ভোটাৰ কাৰ্ড সংগ্ৰহ কৰিব লাগিব বুলি জানিব দিয়ে। তেওঁ লগতে কোনো কোনো নাগৰিকৰ বয়স ৪০-৪৫ পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা তথা ভোটাৰ কাৰ্ড নোহোৱা বুলি উল্লেখ কৰি তেওঁ সেইসকল নাগৰিকক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি ভোটাৰ কাৰ্ড সংগ্ৰহ কৰাৰ বাবে অনুৰোধ জনায় ।
উল্লেখযোগ্য যে আজিৰ সংবাদ মেলত জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়া, কেবাগৰাকী প্ৰশাসনিক বিষয়াৰ লগতে কংগ্ৰেছ, বিজেপি, ইউপিপিএল, বিপিএফ, চিপিএম (আই)সহ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
Also Read: ধেমাজি গ্ৰন্থ উৎসৱ: চতুৰ্থ দিনাও উখল-মাখল পৰিৱেশ কাছাৰী ময়দানত...