ডিজিটেল সংবাদ কোকৰাঝাৰঃ ঐতিহাসিক ডুৰাণ্ড কাপৰ মেচ উপভোগ কৰিবলৈ কোকৰাঝাৰত দৰ্শকৰ মাজত এতিয়া ব্যাপক উৎসাহ, উদ্দীপনা দেখা গৈছে। হাজাৰ হাজাৰ ফুটবল অনুৰাগীয়ে ভিৰ কৰিছে টিকট সংগ্ৰহৰ বাবে।
কিন্তু নিৰ্দিষ্ট সংখ্যকহে টিকট মুকলি কৰি দিয়াত বিমুখ হ'বলৈ বাধ্য হৈছে ফুটবল অনুৰাগী। উল্লেখ্য যে, এছিয়াৰ আটাইতকৈ পুৰণি তথা ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপৰ মেচ এইবাৰো অসমৰ কোকৰাঝাৰ আৰু সৰুসজাইত অনুষ্ঠিত হ'ব।
কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মেচ কেইখনৰ ভিতৰত ৫ আগষ্টত প্ৰথমখন মেচ অনুষ্ঠিত হ'ব। এই মেচখনত ৰাজস্থান ইউনাইটেড এফ চিৰে মুখামুখী হ'ব প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰা বড়োলেণ্ড এফ চি।
সেয়েহে স্বাভাৱিকতে এই মেচখনক লৈ অধিক উৎসাহী হৈ পৰিছে স্থানীয় জনতা। মেচখনৰ বাবে আজিৰে পৰা কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত পুৱা ৯ বজাৰ পৰা টিকত মুকলি কৰি দিয়াৰ কথা আছিল।
সেই অনুসৰিয়েই পুৱাৰে পৰা টিকট কাউণ্টাৰত দেখা গৈছিল দৰ্শকৰ দীঘলীয়া শাৰী। সময় বাগৰাৰ লগে লগে পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে, ডুৰাণ্ড কাপৰ মেচৰ মাত্ৰ এটা টিকট সংগ্ৰহ কৰিবলৈ দৰ্শকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হয়।
আজি দৰ্শকৰ বাবে ৩০০০ টিকট মুকলি কৰি দিয়াৰ কথা আছিল যদিও টিকটৰ অনুপাতে দৰ্শকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাত যিকোনো উপায়েৰে এটা টিকত সংগ্ৰহ কৰিবলৈ একাংশ দৰ্শকে অতি বিপদসংকুল ভাৱে বিল্ডিঙৰ লগতে অস্থায়ী পেণ্ডেলৰ ওপৰতো আৰোহণ কৰা দেখা গ'ল।
ইফালে অভিযোগ অনুসৰি টিকট প্ৰদান কৰাক লৈ ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে। সংশ্লিষ্ট বিষয়ববীয়াই টিকট বিতৰণৰ ক্ষেত্ৰত সঠিক ব্যৱস্থাপনা কৰা নাই। পুৱা ৯ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত শাৰী পাতিও বহু দৰ্শকে নাপালে টিকত।
এনে দৰ্শকৰ মাজত আছে কোকৰাঝাৰৰ উপৰিও আন আন জিলাৰ আবাল, বৃদ্ধকে ধৰি বিভিন্ন শ্ৰেণীৰ ফুটবল অনুৰাগী। সেয়েহে ক্ষোভিত দৰ্শকে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয়, 'ওপৰৰ' লগত 'চেনেল' থাকিলেহে খেলৰ টিকট পায়।
Also Read: বহু দেশে নিষিদ্ধ কৰা পাম তেলৰ খেতি কৰিব অসমৰ ১৭ জিলাত...