বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি...

বৰমাৰ দুৰ্গা পূজাত কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী
বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি...
বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি...
Published on
Updated on

ডিজিটেল সংবাদ বাক্সাঃ আজি দশমী পূজাৰ দিনা দেৱী মাৰ চৰণত সেৱা লৈ সকলোৰে মংগলৰ কামনা কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে। সাংসদগৰাকীক ৯১ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজা সমিটিৰ সভাপতি অজয় দাসে ফুলাম গামোচা, স্মৃতি গ্ৰন্থ “দেৱী দুৰ্গা“ ৰে আদৰণি জনায় ৷

বৰমা বাৰোৱাৰী দুৰ্গা পূজাস্থলীৰ অন্তঃগাঁথনি উন্নয়নৰ বাবেও লোৱা হ'ব উন্নয়নমূলক আঁচনি। বৰমা বাৰোৱাৰী দুৰ্গা পূজাত উপস্থিত হৈ ক'লে জয়ন্ত বসুমতাৰীয়ে।

ইতিমধ্যে সাংসদগৰাকীয়ে বাক্সা জিলাৰ নিকাচি, বৰবৰী, বৰমা আদিকে ধৰি বিভিন্ন পূজাস্থলী দৰ্শন কৰি মা দুৰ্গাৰ আশীষ লয় ৷

বৰমাত এশ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তী

বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এশ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তী সজোৱা হয়৷ প্ৰতি বছৰৰ দৰে এইবাৰো দশেৰা উৎসৱৰ লগত সংগতি ৰাখি ৰাৱণ দাহন কাৰ্য্যসূচী হাতত লয় ৷

বৰমা বাৰোৱাৰী দুৰ্গা পূজা কমিটীৰ পৃষ্ঠপোষক কন্দৰ্প শৰ্মাই জানিবলৈ দিয়ে যে এইবাৰ ৰাৱণ দাহন কাৰ্য্যসূচীত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো উপস্থিত থাকিব ৷

লক্ষ্যাধিক ভক্তপ্ৰাণ ৰাইজৰ মাজত বৰমা উচ্চতৰ মাধ্যমিক খেলপথাৰত সন্ধিয়া ৰাৱণ দাহন কৰা হ'ব ৷

বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি...
মধুপুৰ সত্ৰত গুৰুজনাৰ জন্ম জয়ন্তী পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in