ডিজিটেল সংবাদ,বৰমা : বৃহত্তৰ বৰমা অঞ্চলৰ কেইবাখনো গাঁৱকলৈ বৰমাত পোন প্ৰথমবাৰৰ বাবে আঞ্চলিক ভিত্তিত বৰমা আঞ্চলিক দুৰ্গা পূজা মহোৎসৱ আয়োজন কৰা হৈছে । এই উদ্দেশ্যে দিলীপ কুমাৰ শৰ্মাক সভাপতি, হেম ডেকাক কাৰ্যকৰী সভাপতি, নিতুমণি কলিতাক মুখ্য সম্পাদক, গনেশ দাস, দিলীপ কলিতা আৰু সঞ্জীৱ বৰ্মনক যৌথ সম্পাদক, দিলীপ বড়োক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে।
মূল সমিতিৰ উপৰি কেইবাখনো উপ সমিতি গঠন কৰা হৈছে। 'দশভূজা' নামেৰে স্মৃতিগ্ৰন্থ এখন প্ৰকাশ কৰিব । প্ৰতিখন গাঁৱৰ ৰাইজক একত্ৰিত কৰি আধ্যত্মিক পৰিৱেশেৰে পূজাখনত অনুষ্ঠিত কৰাৰ বাবে পূৰ্ণ গতিত কাম-কাজ চলি আছে।
ষষ্ঠী পূজাৰ পৰা বিজয়া দশমীলৈ আয়তীৰ দিহা নাম প্ৰতিযোগিতা, লোকগীত প্ৰতিযোগিতা, আধুনিক একক নৃত্য প্ৰতিযোগিতা, নাগাৰা নাম পৰিৱেশন, যাত্ৰা নাট প্ৰদৰ্শন, বৰপেটাৰ বীৰ নাম প্ৰদৰ্শন আদিকে ধৰি বিভিন্ন কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে বুলি জানিব দিছে। সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি উদ্যোগতাসকলে কামনা কৰিছে।
Also Read: দক্ষিণ শালমাৰা-মানকাচৰৰ ৩৪ খন পূজা সমিতিলৈ চৰকাৰী অনুদানৰ চেক বিতৰণ