শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীৰ কোকৰাঝাৰত বিদায় সভা সম্পন্ন

কোকৰাঝাৰ শিক্ষাখণ্ডৰ নতুন খণ্ড শিক্ষা বিষয়া তথা খণ্ড মিচন সমন্বয়ক নিৰ্মল নাৰ্জাৰী
শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীৰ কোকৰাঝাৰত বিদায় সভা সম্পন্ন
শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীৰ কোকৰাঝাৰত বিদায় সভা সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ শিক্ষাখণ্ডৰ পৰা কচুগাঁও শিক্ষাখণ্ডলৈ বদলি হোৱা খণ্ড শিক্ষা বিষয়া তথা খণ্ড মিচন সমন্বয়ক প্ৰদীপ কুমাৰ গয়াৰীৰ আজি বিদায়কালিন সভা অনুষ্ঠিত হয়। কোকৰাঝাৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা উক্ত বিদায়ী সভাৰ সভাপতিত্ব কৰে নৱনিযুক্ত খণ্ড শিক্ষা বিষয়া তথা খণ্ড মিচন সমন্বয়ক নিৰ্মল নাৰ্জাৰীয়ে।

কোকৰাঝাৰ শিক্ষা খণ্ডৰ প্ৰায় শতাধিক শিক্ষক উপস্থিত থকা উক্ত বিদায়ী সভাত শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীয়ে কোকৰাঝাৰ শিক্ষাখণ্ডৰ শিক্ষক-কৰ্মচাৰীৰ সতে কটোৱা সময়খিনি মধুৰতম সময় আছিল বুলি মন্তব্য কৰি শিক্ষকসকলৰ নিষ্ঠা আৰু সততাৰ শলাগ লয়। শিক্ষকৰ সমস্যাসমূহ সমাধান কৰিবলৈ তেওঁ পাৰ্যমানে চেষ্ঠা কৰিছিল বুলি মন্তব্য কৰি মাহৰ প্ৰথম দিনটোতে শিক্ষকৰ হাতত দৰমহা তুলি দিবলৈ তেওঁ অহোপুৰুষাৰ্থ চেষ্টা কৰা বুলি মন্তব্য কৰে ।

সকলোৰে সহায়-সহযোগিতা লাভ কৰাটো তেওঁৰ কাৰ্যকালৰ অন্যতম দিশ আছিল আৰু ইয়াৰ বাবে শিক্ষক-কৰ্মচাৰীক কৃতজ্ঞতা জ্ঞাপন কৰি অজানিতে হোৱা ভুল -ভ্ৰান্তিৰ বাবে ক্ষমা বিচাৰি আৱেগিক হৈ পৰে। আনহাতে বিদায়ী সভাত উপস্থিত থকা শিক্ষক সন্মিলনীৰ প্ৰতিনিধি, চি আৰ চি চিৰ প্ৰতিনিধি আৰু শিক্ষক -শিক্ষয়িত্ৰীসকলে কিতাপ, ফুলৰ থোপা, গামোচা, আৰনাই, কাপোৰ আদি উপহাৰ প্ৰদান কৰি প্ৰদীপ কুমাৰ গয়াৰীক বিদায় সম্বৰ্ধনা জনায়।

ইপিনে কোকৰাঝাৰ শিক্ষাখণ্ডত নতুনকৈ খণ্ড মিচন সমন্বয়ক তথা খণ্ড শিক্ষা বিষয়া হিচাপে যোগদান কৰা নিৰ্মল নাৰ্জাৰীক শিক্ষক সন্মিলনীৰ প্ৰতিনিধি আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে আদৰণি জনায় । তদুপৰি বিদালয় সহ উপ-পৰিদৰ্শক নৱকৃষ্ণ ৰায়কো আজিৰ সভাতে বিদায়ী সম্বৰ্ধনা জনোৱা হয়।

নৱনিযুক্ত খণ্ড মিচন সমন্বয়ক তথা খণ্ড শিক্ষা বিষয়া নিৰ্মল নাৰ্জাৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি অনাগত সময়ছোৱাত কোকৰাঝাৰ শিক্ষাখণ্ড সকলোৰে প্ৰচেষ্টাত জিলিকি উঠিব বুলি মন্তব্য কৰে। আজিৰ বিদায়ী সভাত শিক্ষা বিষয়া তথা বিদ্যালয় উপ-পৰিদৰ্শক সৌমদৌন নাৰ্জাৰী, এম আই এচ ফিৰদুছ হুছেইনো উপস্থিত আছিল। উল্লেখ্য যে, বদলি হোৱা শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীক আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়ে কোকৰাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষক-শিক্ষয়িত্ৰীসকলে।

শিক্ষা বিষয়া প্ৰদীপ কুমাৰ গয়াৰীৰ কোকৰাঝাৰত বিদায় সভা সম্পন্ন
নহৰুৱে জ্বলাইছে কৃষককো ! হাতত বন্দুক লৈ খেতি পথাৰত পাৰ কৰিছে দিন-ৰাতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in