ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰনেন্দ্ৰ ভৱনত বৃহস্পতিবাৰে জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৱীৰাজ পি সাথে , বিধায়ক তথা অসম প্ৰদেশৰ কাৰ্যকাৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ।
তেঁওলোকে উক্ত সভাত উপস্থিত থাকি দিহা -পৰামৰ্শ আগবঢ়ায়। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মূলত: কংগ্ৰেছ দলক আগুৱাই নিয়া আৰু শক্তিশালী ৰণনীতি তৈয়াৰ কৰা সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচিত হয় ।
বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৱীৰাজ পি সাথে কয় যে বিটিআৰত কংগ্ৰেছক মজবুত কৰা হ'ব আৰু প্ৰতি মাহত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব । ১৫-২০ বছৰ পিছত মিত্ৰতা এৰি কংগ্ৰেছে যোৱাবাৰ কোকৰাঝাৰ লোকসভা আসনত নিৰ্বাচন খেলিছে তৎসত্বেও লাখতকৈ অধিক ভোট পাইছে আৰু ইয়ে দলটোৰ প্ৰতি থকা জনসাধাৰণৰ আস্থাকে সূচাইছে বুলি মন্তব্য কৰে
লগতে কয় যে অনাগত সময়ছোৱাত কংগ্ৰেছৰ বিজয়ধ্বজা উৰিব। ইয়াৰোপৰি উপ নিৰ্বাচনত পূৰ্ণ শক্তিৰে কংগ্ৰেছে অবতীৰ্ণ হ'ব বুলি মন্তব্য কৰে পৃথ্বিৱীৰাজ পি সাথেই । আনহাতে গান্ধী জয়ন্তীৰ এদিন পূৰ্বে সোনম ৱাংচুকক আটক কৰি গান্ধীজীৰ আদৰ্শক ভেঙুচালি কৰাৰ অভিযোগ কৰিছে পৃথ্বিৱীৰাজ পি সাথেই ।
উল্লেখ্য যে আজিৰ সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ক্ৰমে ভৱানন্দ নাথ , গৰ্জন মুছাহাৰী , জিলা কংগ্ৰেছৰ সভাপতি প্ৰেম হাসদা , সম্পাদক হাবিল শ্বেখ আদিকে ধৰি জিলা কংগ্ৰেছৰ নেতৃবৰ্গ উপস্থিত থাকে ।
Also Read: খাগৰিজান মহাবিদ্যালয়ত 'নৱ্যবৰণ' শীৰ্ষক অনুষ্ঠানৰ আয়োজন