ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ চান্দামাৰীত থকা বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আজি বড়োলেণ্ড আন্দোলনত ছহিদ হোৱা পৰিয়ালবৰ্গৰ আত্মীয়লৈ পাঁচলাখকৈ টকাৰ আৰ্থিক অনুদানৰ চেক প্ৰদান কৰা হয় ৷ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে আজি ১৯৩ গৰাকী ছহিদৰ পৰিয়ালৰ মাজত চেকসমূহ বিতৰণ কৰে ৷
উল্লেখ্য যে, অসম চৰকাৰৰ অনুমোদনত আৰু বিটিচি চৰকাৰৰ সহযোগত বড়োলেণ্ড আন্দোলনত প্ৰাণহুতি দিয়া ৩,১৬৮ গৰাকী ছহিদৰ ভিতৰত আজি প্ৰথম কিস্তিত ১৯৩ গৰাকী ছহিদৰ পৰিয়ালৰ মাজত চেক বিতৰন কৰা হয় ৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে চেক বিতৰন কৰি সাংবাদিকৰ আগত কয় যে, ছহিদসকলৰ ত্যাগৰ বিনিময়ত প্ৰথমে বিএচি ,বিটিচি আৰু বিটিআৰ পাবলৈ সক্ষম হৈছো।
ছহিদসকলক ন্যায় দিয়াটো এটা নৈতিক দায়িত্ব আৰু সেই দায়িত্ব পূৰণ কৰিবলৈ আমি বদ্ধপৰিকল্প বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে।চেক বিতৰণ কাৰ্যসূচীত বিটিচিৰ প্ৰধান সচিব অনুৰাগ গোৱেল অংশগ্ৰহণ কৰি আজিৰ দিনটো সৌভাগ্যৰ দিন বুলি দোহাৰি মুখ্যমন্ত্ৰীৰ অনুমোদনত প্ৰথম কিস্তিত ১৯৩ গৰাকী ছহিদৰ পৰিয়ালক পাঁচ লাখকৈ টকাৰ চেক প্ৰদান কৰা হ'ল বুলি সদৰি কৰিছে ৷
গাম্ভীৰ্যপূৰ্ণ চেক বিতৰণী কাৰ্যসূচীত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতীৰাম বড়ো, বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে-ৰঞ্জিত বসুমতাৰী, ৰেওৰেৱা নাৰ্জীহাৰী, উকীল মুছাহাৰী, দাওবৈছা বড়ো, ৰাকেশ ব্ৰহ্ম, ধনঞ্জয় বসুমতাৰী, অৰূপ কুমাৰ দে, গৌতম দাস, ধৰ্মনাৰায়ণ দাস আৰু ঘনশ্যাম দাসকে ধৰি কেইবাগৰাকী এমচিএলএ অংশগ্ৰহণ কৰে।
Glad to have handed over the Ex-Gratia Grants of ₹5 Lakhs each to the families of 201 Martyrs of the Bodoland Movement as per the clauses enshrined in the historic Bodo Peace Accord 2020 at the Bodofa Cultural Complex in Kokrajhar. pic.twitter.com/BPwXh8EiMX
— Pramod Boro (@PramodBoroBTR) April 3, 2023
Also Read: BTR ত বিপিএফৰ "প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও"অভিযান...