ডিজিটেল সংবাদ কোকৰাঝাৰঃ ভাৰত-ভূটান সীমান্ত ঝাৰবাৰী হাইস্কুলৰ পৰা বাতৰি সংগ্ৰহ কৰি কোকৰাঝাৰলৈ উভতি অহাৰ পথত আজি বিছমুৰী সোণাপুৰৰ ওচৰত কোকৰাঝাৰৰ সাংবাদিকৰ এটা দল দুৰ্ঘটনাত পতিত হয়। উল্লেখ্য যে, আজি কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ বায়োটেক হাবে ভাৰত- ভূটান সীমান্তৰ ঝাৰবাৰী হাইস্কুলত এক বিজ্ঞানকেন্দ্ৰিক অনুষ্ঠান অনুষ্ঠিত কৰিছিল।
উক্ত অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰি কোকৰাঝাৰলৈ উভতি অহাৰ সময়তে বিশমুৰী সোণাপুৰত সাংবাদিকৰ দলটোৰ বাহনখন(AS16B 4619) দুৰ্ঘটনাত পতিত হয়।
জানিব পৰা মতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই দলংৰ ৰেলিঙত খুন্দা মাৰে যাৰ ফলত গাড়ীৰ সন্মুখৰ ভাগ চুচুৰ্মৈ হৈ পৰে। পৰিণতিত সন্মুখৰ আসনত বহি থকা দৈনিক অসমৰ কোকৰাঝাৰস্থিত সাংবাদিক অশোক কুমাৰ বৰ্মন গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ ফলত অশোক কুমাৰ বৰ্মনৰ হাত, দাঁত ভঙাৰ উপৰিও মূৰ আৰু বুকুত গুৰুতৰভাৱে আঘাত পাইছে। তদুপৰি দুৰ্ঘটনাৰ ফলত প্ৰতিদিন টাইমৰ সংবাদ কৰ্মী প্ৰণৱ মুছাহাৰীৰ লগতে সুৰষ বসুমতাৰী,গেওলাংচাৰ নাৰ্জাৰী আৰু ডেভিড বসুমতাৰী সামান্য পৰিমানে আহত হয়।
গুৰুতৰভাৱে আহত অশোক কুমাৰ বৰ্মনক কোকৰাঝাৰস্থিত ব্যক্তিগতখণ্ডৰ চিকিৎসালয় এম আৰ এমত ভৰ্তি কৰোৱা হৈছে। ইপিনে ঘটনাৰ খবৰ পোৱা মাত্ৰকে কোকৰাঝাৰৰ সাংবাদিকসকলে এম আৰ এম নাৰ্ছিংহোমত ভিৰ কৰে।
কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সভাপতি কিশোৰ সৰকাৰে এম আৰ এম নাৰ্ছিংহোমত উপস্থিত হৈ আহতৰ দ্ৰুত আৰোগ্য কামনা কৰে। বাতৰি লিখা পৰলৈ অশোক কুমাৰ বৰ্মনৰ অৱস্থা সংকটজনক হৈ আছে।