ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলা সদৰ কাজলগাঁৱৰ শান্তিপাৰাত এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা অতিথিশালাৰ আজি আধাৰশিলা স্থাপন কৰা হয় । অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে।
বিটিচি প্ৰশাসনৰ বিশেষ আৰ্থিক অনুদানত এক কোটি টকা ব্যয় নিৰ্মাণ হ'বলগা অতিথিশালাৰ আধাৰশিলা স্থাপন কাৰ্য্যসূচীত উপস্থিত থাকে বিধায়ক লৰেন্স ইছলাৰি, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ধনঞ্জয় বসুমতাৰী, পাৰিষদ মাধৱ ছেত্ৰীসহ ইউপিপিএল দলৰ নেতা কৰ্মীসকল।
আধাৰশিলা স্থাপন কৰি সাংবাদিকসকলৰ সৈতে প্ৰমোদ বড়োৱে কয় যে, বিটিআৰৰ পাঁচখন জিলাৰ ভিতৰত চিৰাং জিলা এখন উন্নত জিলা হিচাপে গঢ় দিবলৈ বহুতো কাম কৰি থকা হৈছে। ৰাস্তা, পদুলিৰ পৰা আৰম্ভ কৰি গুণগত শিক্ষা, স্বাস্থ্যখণ্ড, ক্ৰীড়া সকলোতে যথেষ্ট কাম হৈছে আৰু হৈ আছে যাৰ কাৰনে বিগত বিধানসভা নিৰ্বাচনত আমাৰ ইউপিপিএল পৰা বিধায়ক নিৰ্বাচিত হৈছিল।
তেওঁ কয়, সদ্যসমাপ্ত লোকসভা নিৰ্বাচনতো আমাৰ দলৰ পৰা সাংসদ নিৰ্বাচিত হৈছে আৰু আগন্তুক চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনতো আমাৰ প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ'ব। আজিৰ এই এক কোটি টকাৰ অতিথিশালাৰ উপৰিও কাজলগাঁৱতে দহ কোটি টকাৰ এক গোৰ্খা ভৱনো নিৰ্মাণ কৰা হ'ব বুলি ঘোষনা কৰে।
ইপিনে যোৱা ২০ দিন ধৰি কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত চলি থকা অচলাৱস্থা সন্দৰ্ভত কয় যে, এই সন্দৰ্ভত মই খবৰ লৈছো আৰু খুব কম সময়ৰ ভিতৰতে ইয়াৰ সমস্যা সমাধান কৰা হ'ব ।
Also Read: ধুবুৰীৰ জ্যেষ্ঠ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত দালাল ৰাজঃ অধিবক্তা সমাজৰ সকীয়নি ...