মুছলপুৰত ৰাজ্যপাল কাটাৰিয়াৰ পৰ্যালোচনা বৈঠক

মুছলপুৰত ৰাজ্যপাল কাটাৰিয়াৰ পৰ্যালোচনা বৈঠক
Published on
Updated on

ডিজিটেল সংবাদ,বাক্সা : বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত বুধবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া । জিলাখনৰ চৰকাৰী বিভাগৰ মুৰব্বীসকলৰ পৰা উন্নয়ন, সুবিধা-অসুবিধা আৰু কেন্দ্ৰীয় আচঁনিৰ খটিয়ান লয় ৰাজ্যপালগৰাকীয়ে ।

বৈঠকৰ পাচত সাংবাদিকৰ আগত মন্তব্য কৰি ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ পূৰ্বতকৈ উন্নয়ন হোৱাৰ কথা সদৰী কৰে । জলজীৱন মিচন আচঁনিৰ অধীনত চলি থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ কাম চলি থকাৰ কথা সদৰী কৰি আঁচনিসমূহ সফল ৰূপায়ন হোৱা বুলি মন্তব্য কৰে ।

উল্লেখ্য যে আজিৰ পৰ্যালোচনা সভাত বাক্সা জিলাৰ চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে জিলা আয়ুক্ত কৃষ্ণা বৰুৱা, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি বহু কেইগৰাকী বিষয়া উপস্থিত থাকে ।

মুছলপুৰত ৰাজ্যপাল কাটাৰিয়াৰ পৰ্যালোচনা বৈঠক
হোটেল ৰেডিশ্বনত ডিজিটেল জৰীপ আৰু কৃষক পঞ্জীয়নৰ মাৰাথন প্ৰশিক্ষণ কৃষি বিভাগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in