বিটিচিৰ পৰিষদীয় নিৰ্বাচনলৈ সাজু জিএছপি...

বাক্সাৰ থমনাত জি এছ পিৰ কৰ্মী সভা সম্পন্ন
বিটিচিৰ পৰিষদীয় নিৰ্বাচনলৈ সাজু জিএছপি...
বিটিচিৰ পৰিষদীয় নিৰ্বাচনলৈ সাজু জিএছপি...
Published on
Updated on

ডিজিটেল সংবাদ বাক্সাঃ লোকসভা নিৰ্বাচনত আশানুৰূপ সফলতা লাভ কৰিবলৈ সক্ষম নোহোৱা জি এছ পিয়ে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে ২০২৫ ৰ পৰিষদীয় নিৰ্বাচনৰ বাবে। বিগত নিৰ্বাচনৰ পৰ্যালোচনাও কৰিছে জি এছ পি চমুকৈ গণ সুৰক্ষা পাৰ্টিয়ে।

আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী থমনাত এক কৰ্মী সভা অনুষ্ঠিত কৰি জ্যেষ্ঠ-কনিষ্ঠ সকলো কৰ্মীকে ফুলাম গামোচাৰে আদৰণি জনায়। পূৰ্বৰ অবড়ো সংগ্ৰামৰ কথা সোঁৱৰি ভৱিষ্যতে একেখন মঞ্চতে থকাৰ সংকল্প বদ্ধ হয়।

এই সভাত উপস্থিত থাকি বিটিচিৰ ২৩ নং দিহিৰা পৰিষদীয় পাৰিষদ ঘনশ্যাম দাসে কয় যে, ২০২৫ ৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ইতিমধ্যে আমি সাজু হৈছো। লগতে তেওঁ ৰাইজৰ প্ৰলোভনৰ ৰাজনীতিৰ পৰা আঁতৰি আহি নিজৰ জাতি-মাটি-ভাষাৰ সুৰক্ষাৰ বাবে সংকল্প বদ্ধ হ'বলৈ অনুৰোধ জনায়।

বিটিচিৰ পৰিষদীয় নিৰ্বাচনলৈ সাজু জিএছপি...
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষা বান্ধ ভঙাৰ পাছতে অখিল গগৈৰ প্ৰতিক্ৰিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in