ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ কেঞ্চাৰ হাস্পাতাল পৰিদৰ্শন হাগ্ৰামা মহিলাৰীৰ । হাগ্ৰামাৰ সতে বিপিএফৰ শীৰ্ষ নেতা খাম্পা বৰগয়াৰী, দনেশ্বৰ গয়াৰীও পৰিদৰ্শন কৰে হাস্পাতালত ।
পৰিদৰ্শনৰ অন্তত সংবাদমাধ্যমৰ আগত বিপিএফৰ শীৰ্ষ নেতা খাম্পা বৰগয়াৰীৰ বক্তব্য কৰি কয় যে, বিপিএফ দল ৰাইজৰ স'তে আছে। অঞ্চলটোৰ উন্নয়ন, শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাইজৰ সতে কথা পাতি আছে । সময় আহিলে ৰাইজে বিপিএফক দলক সহায়-সহযোগিতা কৰিব ।
বড়োলেণ্ড বচাব হ'লে অস্ত্ৰ প্ৰশিক্ষণ ল'ব লাগিব বুলি শিলাদিত্যই কৰা মন্তব্যতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে খাম্পা বৰগয়াৰীয়ে। তেওঁ কয় যে, এনডিএফবি , বিএলটিয়ে প্ৰশিক্ষণ লৈছিল কিন্তু বেআইনী বুলি ঘোষণা কৰা নাছিল জানো ? অস্ত্ৰ প্ৰশিক্ষণ দি ভৱিষ্যতে ভাল উদ্দেশ্যত ব্যৱহাৰ নকৰিব নিশ্চয় ।
কোকৰাঝাৰতো লাঠী লৈ আৰএছএছে প্ৰশিক্ষণ দিছিল। মাৰপিট কৰাৰ বাবে প্ৰশিক্ষণ দিয়া দলটো কোন , সিহঁতৰ উদ্দেশ্য কি ? প্ৰশ্ন বিপিএফ শীৰ্য নেতা তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীৰ ।
Also Read: এন ডি এৰ ত্যাগৰ কথা সুঁৱৰি বিৰোধীক অহংকাৰী আখ্যা প্ৰধানমন্ত্ৰী মোডীৰ