সন্মান থকা মানুহ হ'লে পদ এৰি গুছি গ'ল হয়- বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য...

Published on
Updated on

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰণ কৰিবলৈ এবছুৱে তীব্ৰ আন্দোলন কৰাৰ পিছত আজি বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

কোকৰাঝাৰত সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, বডোলেণ্ড বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্যৰ হাতত বিশ্ববিদ্যালয়খনৰ পৰিবেশ বহু বেয়া হৈছে ৷ উপাচাৰ্যৰ কাম কাজত মইয়ো সন্তুষ্ট নহয় ৷ তেওঁক মই পৰামৰ্শ দিছো পদত্যাগ কৰি গুছি যাওঁক ৷ শিক্ষামন্ত্ৰীয়েও তেওঁক কৈছে পদত্যাগ কৰিব লাগে ৷ কিন্তু উপাচাৰ্য জন আকোঁৰগোজ ৷ অলপো সন্মান থকা মানুহ হ'লে উপাচাৰ্যজনে পদত্যাগ কৰি গুছি গ'লহেতেন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।

লগতে তেওঁ কয় যে, উপাচাৰ্যজনক ছাত্ৰ-ছাত্ৰীয়ে ভাল নাপায়৷ আনকি ৰাইজেও তেওঁক ভাল নাপায়৷ ইমানৰো পিছতো তেওঁহে জানে কিহৰ কাৰণে আছে ৷ ইপিনে আইনৰ গণ্ডীৰ মাজেৰে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্যজনক কি ধৰণে বিদায় দিব পৰা যায় সেই বিষয়ে চাই থকা হৈছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

সন্মান থকা মানুহ হ'লে পদ এৰি গুছি গ'ল হয়- বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপচাৰ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য...
ঢকুৱাখনাত ৰাজ্যিক ঘাইপথ মেৰামতিৰ নামত লুণ্ঠনৰ পাংঃ নিৰ্বিকাৰ প্ৰশাসন, বিধায়ক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in